নগাঁও, ৫ ছেপ্টেম্বৰ :শিক্ষক দিৱসৰ দিনাই নগাঁৱৰ ৰহাৰ চয়নিকা ডেকালৈ আগবঢ়োৱা হয় কলংপাৰ আদৰ্শ শিক্ষকৰ বঁটা । বৃহস্পতিবাৰে নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠত আয়োজিত কলংপাৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ।
কলংপাৰ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই পৰিচালনা কৰা সভাত বিধায়ক শৰ্মাই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক লগত লৈ কেক কাটি সকলোকে শিক্ষক দিৱসৰ শুভকামনা জনায় ৷ ছাত্ৰী গংগোত্ৰী কলিতাৰ সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা সভাখনিত প্ৰথমেই মহান শিক্ষাবিদ ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । লগতে বিদ্যাপীঠৰ পৰলোকগামী শিক্ষকসকলৰ প্ৰতিচ্ছবিতো শ্ৰদ্ধা তৰ্পণ কৰা হয় ।
ভালেসংখ্যক শিক্ষক তথা কেবাশতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত সম্পন্ন হোৱা অনুষ্ঠানত সভাত ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ প্ৰধান শিক্ষক চয়নিকা ডেকাক ২০২৪ বৰ্ষৰ আদৰ্শ শিক্ষক বঁটা প্ৰদান কৰা হয় । বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা লাভ কৰিও চৰকাৰী চাকৰিৰ মোহত বন্দী হৈ নাথাকি সেৱা কৰা মনৰ তাগিদাতে যোৱা ২৯ টা বছৰ আন্তৰিকতাৰে শিক্ষকতা কৰা ডেকাই কলংপাৰৰ আদৰ্শ শিক্ষক বঁটা তেওঁৰ বাবে এটা ডাঙৰ প্ৰাপ্য বুলি উল্লেখ কৰে ৷
উক্ত বঁটাই অনাগত দিনত মানুহ গঢ়াৰ সংগ্ৰামত তেওঁক অধিক মনোবল যোগাব বুলি মত প্ৰকাশ কৰে চয়নিকা ডেকাই । তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে আচলতে প্ৰতিটো দিনেই শিক্ষক দিৱস উদযাপন কৰিব লাগে । কাৰণ, যি শিক্ষকৰ কাৰণে আমি পৃথিৱীখন জ্ঞানৰ চকুৰে চাব পাৰিছো, সেই শিক্ষক আমাৰ বাবে কেৱল এদিনৰ বাবে নহয়, প্ৰতিটো দিন, প্ৰতিটো ক্ষণৰ বাবেই শ্ৰদ্ধাৰ পাত্ৰ ।