মাজুলী :আকৌ আহিছে নেকি নতুন বিপদ ! চিন্তিত হৈছে নৈপৰীয়া লোকসকল ৷ কিয়নো হঠাৎ সলনি হোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰত পানীৰ বৰণ । বিশেষকৈ মাজুলীত বুঢ়া লুইতৰ পানী ঘোলা হোৱা দেখা পোৱা গৈছে । বাৰিষা বা বানপানীৰ সময়তহে ব্ৰহ্মপুত্ৰত পানীৰ বৰণ সলনি হয় ৷ কিন্তু খৰাং বতৰত কাহানিও ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ সলনি নহয় ৷ এই মন্তব্য মাজুলীৰ নৈপৰীয়া লোকসকলৰ ৷ খৰালি কালত হোৱা এই পৰিৱৰ্তনে চিন্তিত কৰি তুলিছে প্ৰতিজন মাজুলীয়ালক ৷
মাজুলীৰ এগৰাকী স্থানীয় লোকে উল্লেখ কৰা মতে, বিগত কিছু বছৰৰ পৰা খৰালি সময়ত নদীৰ পানীৰ বৰণ সলনি হোৱা দেখা পোৱা গৈছে । সেই সময়তো ব্ৰহ্মপুত্ৰ নদীৰ পানী এতিয়াৰ দৰে একে বৰণৰ হৈছিল ৷ এনেদৰে পানীৰ বৰণ সলনি হ’লে বিপদ হ’ব পাৰে এই নৈকে সাৰথি কৰি জীৱিকা নিৰ্বাহ কৰি থকা নৈপৰীয়া লোকসকলৰ ৷