গুৱাহাটী:পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে ২০২৫ বৰ্ষৰ চানডুবি উৎসৱ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব । ঐতিহাসিক চানডুবি বিলৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ উদ্দেশ্যে ‘ছেভ চানডুবি, ছেভ হেৰিটেজ’ বাণী সাৰোগত কৰি আয়োজন কৰা চানডুবি উৎসৱ এইবেলি ১৫ বৰ্ষত ভৰি দিছে । ২০১০ বৰ্ষৰ পৰা বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ মুখ্য পৃষ্ঠপোষকতাত চানডুবি উৎসৱ উদযাপন কৰি অহা হৈছে ।
এই মহোৎসৱলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে । চানডুবি উৎসৱ উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাই জনোৱা অনুসৰি, "পাঁচদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে পঞ্চদশ বার্ষিক 'চানডুবি উৎসৱ' চানডুবি, ৰাজাপাৰাত আয়োজন কৰা হৈছে । এই উৎসৱত থলুৱা সংস্কৃতি, লোকনৃত্য, লোকবাদ্য, থলুৱা খাদ্য সম্ভাৰ, খেলা-ধূলা, সাজ-পাৰ আদি প্ৰদৰ্শন কৰা হ'ব । ২০১০ চনত চানডুবিৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে এই উৎসৱৰ আয়োজন কৰা হৈছিল । ২০১০ ৰ পৰা প্ৰতিবছৰে উদযাপন কৰা এইবাৰৰ উৎসৱত উৎপাদনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি কৃষি, উদ্যান শস্যৰ ওপৰত সুকীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।
সেই অনুসৰি ২ জানুৱাৰীৰ চানডুবি উৎসৱত অসম কৃষি বিশ্ববিদ্যালয়ৰ গুৱাহাটী কাঁহিকুছিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ এদল কৃষি বিজ্ঞানী উপস্থিত থাকিব । য’ত কৃষকে বিজ্ঞানীসকলৰপৰা পোনপটীয়া পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব । কাৰ্যসূচী অনুসৰি ১ জানুৱাৰীৰ পুৱা ৮ বজাত উৎসৱৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাই । ৯ বজাত চানডুবি উৎসৱৰ মূল দ্বাৰ মুকলি কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ।
৯.৩০ বজাত অতিথিশালা ‘ডগৰবুৰা’ মুকলি কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই । ১০ বজাত প্ৰদৰ্শনস্থলী ‘লাঙাবুৰা’ৰ দ্বাৰ মুকলি কৰিব মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱাই । ১০.৩০ বজাত ‘চান্দসদাগৰ’ সোঁৱৰণী মঞ্চ মুকলি কৰিব বিজেপি’ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্যই । ১১ বজাত থলুৱা খেল-ধেমালি মুকলি কৰিব সমাজকৰ্মী দিগন্ত মেধি টেৰণে ।
১১.৩০ বজাত থলুৱা খাদ্য মেলাৰ দ্বাৰ মুকলি কৰিব কুলশীৰ বনাঞ্চলিক বিষয়া কংকণজ্যোতি কৌশিকে । দুপৰীয়া ১২ বজাত বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰিব লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে । ১২.৩০ বজাত স্মৃতিগ্ৰন্থ ‘লকেয়া’ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো মুকলি কৰিব নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড৹ সুভাষ ৰাভাই । উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ।
সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব বিজেপি’ৰ ৰাজ্যিক কাৰ্যবাহী সদস্য অনুপ কুমাৰ মেধি, সমাজকৰ্মী বলেশ্বৰ ৰংপি, কমল কুমাৰ ঠাকুৰীয়াই । ১ বজাৰপৰা সাংস্কৃতিক অনুষ্ঠান । ২ জানুৱাৰীৰ পুৱা ১০ বজাত বাঘবুল আৰু ছাগলছাৰী খেল প্ৰতিযোগিতা । ১০.৩০ বজাত ‘গ্ৰাম্য অৰ্থনীতিত স্বাৱলম্বিতাৰ নিদৰ্শন হিচাপে উদ্যান শস্য কলখেতিৰ ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰখনি সঞ্চালনা কৰিব বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনালে ।