অসম

assam

ETV Bharat / state

উৰণ সেতু বনাম গ্ৰন্থমেলা: ক’ত হ’ব অসম গ্ৰন্থমেলা ? চানমাৰী নে খানাপাৰাত ?

এতিয়াও থিৰাং হোৱা নাই গ্ৰন্থমেলাৰ ঠাই । উৰণ সেতু নিৰ্মাণে চানমাৰীত দিছে বাধা । খানাপাৰাত ২৬ জানুৱাৰীৰ কাৰ্যসূচীৰ বাবে পোৱা নাই অনুমতি ।

ASSAM BOOK FAIR
ক’ত হ’ব অসম গ্ৰন্থমেলা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

গুৱাহাটী: উন্নয়নৰ ভৰত যেন স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰ । আন্তঃগাঁথনিৰ উন্নয়ন বনাম বৌদ্ধিক উন্নয়নৰ যুঁজখনত যেন পিছুৱাবলৈ বাধ্য হৈছে বৌদ্ধিক উন্নয়ন । বছৰটো অপেক্ষা কৰি ৰৈ থকা গুৱাহাটী মহানগৰীৰ একমাত্ৰ বৃহৎ গ্ৰন্থমেলাৰ স্থানক লৈ অনিশ্চয়তাই দেখা দিছে । অসম প্ৰকাশন পৰিষদে চৰকাৰীভাৱে আয়োজন কৰা গ্ৰন্থমেলাখন এইবৰ্ষত ক’ত অনুষ্ঠিত হ’ব সেয়া এতিয়াও ঠিৰাং কৰিব পৰা নাই ৷ গুৱাহাটীত হ’বলগীয়া অসম গ্ৰন্থমেলাৰ স্থানক লৈ অনিশ্চয়তাত আয়োজক অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা ।

বিগত প্ৰায় দুই দশক ধৰি চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈ আহিছিল দুখনকৈ গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উত্তৰ-পূৱ গ্ৰন্থমেলা । পৰৱৰ্তী সময়ত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত দুয়োখন গ্ৰন্থমেলাৰ বিলুপ্তি ঘটাই শেহতীয়াভাৱে অসম গ্ৰন্থমেলা আৰম্ভ কৰিছিল ৷ কিন্তু এইবাৰ গুৱাহাটী মহানগৰীত চলি থকা নিৰ্মাণকাৰ্যৰ বাবে অনিশ্চয়তাত পৰিছে অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব নে নাই ?

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা (ETV Bharat Assam)

নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ নিৰ্মীয়মান উৰণ সেতুৰ বাবে চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰকলৈও সিদ্ধান্তত উপনীত হ’ব পৰা নাই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা ৷ কিয়নো সেই ঠাইখিনিত নিৰ্মাণকাৰ্য হৈ থকাৰ বাবে গ্ৰন্থমেলা আয়োজন কৰিব পৰা পৰিৱেশ নাই চানমাৰিত ৷ আনহাতে গণতন্ত্ৰ দিৱসৰ বাবে খানাপাৰা খেলপথাৰৰ অনুমতি প্ৰশাসনৰ পৰা লাভ কৰা নাই আয়োজক সমিতিয়ে ৷ এই কথা জনাইছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতায়ে ।

অৱশ্যে প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে জনায়, “আমি সোনকালেই সিদ্ধান্ত লাভ কৰিম ৷ যদি গণতন্ত্ৰ দিৱসৰ বাবে খানাপাৰাৰ খেলপথাৰত অসম গ্ৰন্থমেলা আয়োজন কৰিবলৈ সক্ষম নহয়, তেন্তে চানমাৰীতেই আমি আয়োজন কৰিম ৷ গ্ৰন্থমেলাৰ স্থান থিৰাং নহ’লেও আমাৰ আয়োজন পূৰ্ণোদ্যমে চলি আছে ৷ চানমাৰীত ইতিমধ্যে বুক হৈয়েই আছে । লোক নিৰ্মাণ বিভাগৰ সৈতে কথা পাতি উৰণ সেতুৰ নিৰ্মাণকাৰ্য চলি থকা ঠাইখিনি আমি মুকলি কৰি ল’ব পাৰিম ৷” অৱশ্যে আয়োজক সমিতিৰ প্ৰথম পছন্দ খানাপাৰা খেলপথাৰ ৷

লগতে, প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনায় যে অহা পাঁচ নৱেম্বৰৰ পৰা সাতদিনীয়াকৈ দুলীয়াজানত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা । সমান্তৰালভাবে যোৰহাট আৰু নলবাৰীতো অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ৷ ১৫ নৱেম্বৰৰ পৰা যোৰহাট আৰু ১৬ নৱেম্বৰৰ নলবাৰীত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ।

লগতে পঢ়ক:বৰপেটাত ৰাজ্যপালে মুকলি কৰিলে তৃতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা

ABOUT THE AUTHOR

...view details