ডিব্ৰুগড়, ১০ ছেপ্টেম্বৰ:কোটি কোটি টকা অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা অভিযোগত ২২ বছৰীয়া বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ আলহী কৰিলে । কিন্তু বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ মূল সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমী বৰা আৰু ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাক বিচাৰি হাবাথুৰি খাইছে ডিব্ৰুগড় আৰক্ষীয়ে । চুমী আৰু তাৰ্কিকক বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহুকেইখন বহিঃৰাজ্যতো অভিযান চলাইছে ।
বিশাল ফুকনৰ সহযোগী চুমী-তাৰ্কিকৰ কোনো সন্ধান লাভ নকৰি আৰক্ষীয়ে এইবাৰ চুমী-তাৰ্কিকক সহযোগিতা কৰাসকলৰ তালিকা প্ৰস্তুত কৰিছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি ট্ৰেডিং গোচৰত অভিযুক্ত চুমী বৰা আৰু তাৰ্কিক বৰাক আশ্ৰয় দিয়াৰ অভিযোগত সোমবাৰৰ নিশা বোকাখাতৰ পৰা দুই যুৱকক আটক কৰে । বোকাখাতৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীক নিশা আটক কৰে বোকাখাত আৰক্ষীয়ে । ইয়াৰ পাছত মঙলবাৰে দিনৰ ভাগত দুয়োকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷