অসম

assam

ETV Bharat / state

অসমত দেশৰ তৃতীয়টো ডিফেন্স ক'ৰিডৰ : মুখ্যমন্ত্রীৰ প্ৰস্তাৱৰ প্ৰতি কেন্দ্ৰৰ ইতিবাচক সঁহাৰি - HIMANTA BISWA SARMA - HIMANTA BISWA SARMA

Defence Corridor: অসমত দেশৰ তৃতীয়টো ডিফেন্স ক'ৰিডৰ কৰাৰ প্ৰস্তাৱৰ প্ৰতি কেন্দ্ৰীয় বিত্তমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রীৰ ইতিবাচক সঁহাৰি। ডিফেন্স ক'ৰিডৰ হোৱাৰ লগে লগে অসমত স্থাপন হ'ব ডিফেন্স ইণ্ডাষ্ট্ৰী ।

DEFENCE CORRIDOR IN ASSAM
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 3:24 PM IST

গুৱাহাটী, 26 জুলাই : অসমত ডিফেন্স ক'ৰিডৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিছে অসম চৰকাৰে ৷ ডিফেন্স ক'ৰিডৰ হোৱাৰ লগে লগে অসমত স্থাপন হ'ব ডিফেন্স ইণ্ডাষ্ট্ৰী ৷ শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিগত কেইদিনত দিল্লীত বাহৰ পাতি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী আদিকে ধৰি কেবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰিছিল ৷

অসমত স্থাপন হ'ব ডিফেন্স ইণ্ডাষ্ট্ৰী (ETV Bharat Assam)

এই সন্দৰ্ভত সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে কয় যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰাৰ সময়ত অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ পাচত ডিফেন্স মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীৰ এটা হাব হোৱাৰ বাবে ডিফেন্স ক'ৰিডৰ স্থাপন কৰাৰ বাবে কোৱা হৈছে ৷ ভাৰত চৰকাৰে তামিলনাডু আৰু উত্তৰ প্ৰদেশত ডিফেন্স ক'ৰিডৰ কৰিছে ৷ অসমত দেশৰ তৃতীয়টো ডিফেন্স ক'ৰিডৰ কৰাৰ বাবে বিত্তমন্ত্ৰীৰ লগতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ লগত আলোচনা কৰা হৈছে ৷ দুয়োগৰাকীয়ে ইতিবাচক সঁহাৰি জনোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷ আনহাতে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো ইউনিট শীঘ্ৰে আৰম্ভ কৰাৰ কথা কোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গেছ ক্ৰেকাৰ প্ৰকল্পৰ সম্প্ৰসাৰণ আৰু বঙাইগাঁও শোধনাগাৰৰ সম্প্ৰসাৰণৰ প্ৰকল্পটোৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ প্ৰসংগতো আলোচনা কৰা হয় ৷

লগতে পঢ়ক :ৰাজধানী দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ - CM HIMANTA VISITS DELHI

বায়মেট্ৰিকচ বন্ধ হৈ থকা লোকৰ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আলোচনা :

অসমত এন আৰ চিৰ বাবে 9 লাখ 22 হাজাৰ লোকৰ বায়মেট্ৰিকচ বন্ধ হৈ আছে ৷ যাৰ বাবে তেওঁলোকে আধাৰ কাৰ্ড নাপায় ৷ যাৰ ফলত এই লোকসকলক বিভিন্ন দিশৰ পৰা বঞ্চিত হৈ আহিছে ৷ এই প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি আলোচনা কৰা হয় ৷ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক এই বিষয়টো মীমাংসা কৰাৰ বাবে আহ্বান জনোৱাৰ পাচতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ মীমাংসা কৰাৰ আশ্বাস দিছে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে কেন্দ্ৰৰ সহায়ত ৰাজ্যখনৰ বিকাশ গতি আগুৱাই নিয়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰা হৈছিল ৷

লগতে পঢ়ক :ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডেৰে নাপাব সকলো ৰোগৰ চিকিৎসা: মুখ্যমন্ত্ৰী - AYUSHMAN CARD

ABOUT THE AUTHOR

...view details