অসম

assam

ETV Bharat / state

মুঠ পাঁচটা ধাৰাত নিলম্বিত অ’চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু - BHARGAV BORBORA CASE

নিলম্বিত অ’চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ ৷ মুঠ পাঁচটাকৈ ধাৰাত ৰুজু হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৷ ইয়াৰে এটা হৈছে জামিনবিহীন গোচৰ ৷

Bhargav Borbora case
ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 1:02 PM IST

গুৱাহাটী: নিয়ম ভঙাৰ অপৰাধত মহানগৰীৰ ৰাজপথত এজন ডেলিভাৰী এজেন্টক উপৰ্যুপৰি প্ৰহাৰ কৰি শেহতীয়াকৈ চৰ্চালৈ আহিছে পাণবজাৰ থানাৰ নিলম্বিত অ’চি ভাৰ্গৱ বৰবৰা ৷ এজন ডেলিভাৰী এজেন্টক ৰাজপথতে নিৰ্দয়ভাৱে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিচতে সৰ্বত্ৰে গৰিহণা খাইছিল আৰক্ষী বিষয়াগৰাকীয়ে ৷ তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালক প্ৰধানে ভাৰ্গৱ বৰবৰাক নিলম্বনৰ নিৰ্দেশ দিয়ে ৷ তাৰ পাচতেই এটা এটাকৈ ভাৰ্গৱ বৰবৰাৰ কৰ্ম-কাণ্ড পোহৰলৈ আহিছে ৷

কেইদিনমান পূৰ্বে দীঘলীপুখুৰীৰ পাৰতো প্ৰতিবাদকাৰী ছাত্ৰৰ এপৰত নিজৰ দেমাকি দেখুৱাইছিল এইজন আৰক্ষী বিষয়াই ৷ তাৰোপৰি গোৱালপাৰাত কৰ্মৰত অৱস্থাতো এজন যুৱকক লকআপত হত্যা কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে ৷ অ’চি ভাৰ্গৱৰ উৰ্ধতালি দেখি প্ৰাক্তন আই পি এছ বিষয়াও আচৰিত হৈ পৰিছে ৷ সামাজিক মাধ্যমযোগে ক’বলৈ বাধ্য হৈছে যে সিংঘম পুলিচ চিনেমাতহে ভাল লাগে ৷

ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু (ETV Bharat)

অৱশেষত নিলম্বিত অ’চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ ৷ মুঠ পাঁচটাকৈ ধাৰাত ৰুজু হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ, ইয়াৰে এটা হৈছে জামিনবিহীন গোচৰ ৷ পাণবজাৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ 109/166/196/127(2)/351 মুঠ 5 টাকৈ ধাৰাত 125/24 নম্বৰত ৰুজু হৈছে গোচৰটো । অ’চি ভাৰ্গৱৰ আক্ৰমণৰ বলি হোৱা জ্ঞানদ্বীপ হাজৰিকাৰ লগতে আন কেবাজনেও আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷

কি ধৰণৰ শাস্তি হ'ব পাৰে ভাৰ্গৱ বৰবৰাৰ

ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত অধিবক্তা ডিম্পল চুতীয়াই কয়, ‘‘5 টা ধাৰাত ৰুজু হোৱা গোচৰটোৰ 109 নং ধাৰাটো জামিনবিহীন ধাৰা । জ্ঞানদীপক ৰাজহুৱা স্থানত বুকুত ধৰি, ডিঙিত হেঁচা মাৰি ধৰি মাৰপিট কৰা বাবে তাৰ বাবে 109 ধাৰাটো লগোৱা হৈছে । ভাৰতীয় ন্যায় সংহিতাৰ মতে এই ধাৰাটো হত্যাৰ চেষ্টাৰ সৈতে জড়িত ৷ এই ধাৰাটোৰ অধীনত গোচৰ ৰুজু হ’লে 10 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে । 196 ধাৰাৰ অধীনত তিনিমাহ লৈ জেল হ'ব পাৰে, 127(2) ধাৰাৰ অধীনত এবছৰলৈ জেল হ'ব পাৰে আৰু 351 ধাৰাৰ অধীনত দুবছৰ লৈ জেল হ'ব পাৰে । জ্ঞানদীপ হাজৰিকাক থানালৈ আনিও মাৰপিট কৰিছে । এই সমগ্ৰ ঘটনাটোৰ তদন্ত তদন্তকাৰী বিষয়াৰ ওপৰত নিৰ্ভৰ কৰিব । এগৰাকী সাহসী বিষয়াই গোটেই ঘটনাটোৰ তদন্ত কৰিলে দোষীয়ে শাস্তি পাব বুলি আশা কৰিছো ৷’’

লগতে পঢ়ক:সিংঘম পুলিচ অকল চিনেমাতহে ভাল লাগে; অ’চি ভাৰ্গৱৰ কাণ্ড দেখি এইদৰে ক’লে আই পি এছ ভায়’লেট বৰুৱাই

কিমান বৰ্বৰ ভাৰ্গৱ বৰবৰা ?

নিৰীহৰ ওপৰত বীৰত্ব ! ইখনৰ পিছত সিখন এজাহাৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details