গুৱাহাটী, ১ মার্চ:শ্ৰীশ্ৰী নৱগ্রহ শ্মশান কালী মন্দিৰ পৰিচালনা সমিতিয়ে কৰ্কট ৰোগীৰ বাবে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ । শুকুৰবাৰে শ্ৰীশ্ৰী নৱগ্রহ শ্মশান কালী মন্দিৰ পৰিচালনা সমিতিৰ দ্বাৰা পৰিচালিত হলিৰাম ডেকা ভৱনত কৰ্কট ৰোগীৰ বাবে মুকলি কৰা হয় এটা আশ্ৰয়গৃহ । ১৮ গৰাকী ৰোগী থাকিব পৰা এই আশ্ৰয়গৃহটো মুকলি কৰে ডাঃ প্ৰণৱজ্যোতি ডেকাই । লগতে উক্ত অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক জলপানীও প্ৰদান কৰে শ্ৰীশ্ৰী নৱগ্রহ শ্মশান কালী মন্দিৰ পৰিচালনা সমিতিয়ে ।
আজিৰ এই অনুষ্ঠানটোৰ সন্দৰ্ভত কালী মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামীয়ে মন্তব্য কৰি কয়,' হলিৰাম ডেকাৰ ভৱনত পূৰ্বে এটা যোগ কেন্দ্ৰ আছিল । পৰবৰ্তী সময়ত এইটো কৰ্কট ৰোগীৰ বাবে এক আশ্ৰয় গৃহৰ ব্যৱস্থাৰ চিন্তা কৰা হৈছিল যদিও প্ৰথম অৱস্থাত কিছু সমস্যাই দেখা দিছিল । পৰৱৰ্তী সময়ত বহু প্ৰচেষ্টাৰ অন্তত আজি এটা মহৎ দিনত উপনীত হলো । "