মৰাণ, ৩১ মে’: যি সময়ত ৰাজ্য়ত বিনামূলীয়া পাঠ্য়পুথিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে হাহাকাৰ কৰিবলগীয়া হৈছে সেই সময়তেই ৰাজ্য চৰকাৰৰ একাংশ বিষয়া-কৰ্মচাৰীৰ কৰ্মকাণ্ডই আচৰিত কৰি তুলিছে সচেতন ৰাইজক । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ সকলো বিভাগ সংস্কাৰ কৰিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা বুলি দাবী কৰাৰ সময়ত একাংশ বিষয়া-কৰ্মচাৰীয়ে ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰিবলৈ ধৰিছে । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ লাহোৱালত অসম চৰকাৰৰ শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয়ত জ্বলাই দিয়া হ'ল শ শ কিতাপ । এই কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত ।
ঘটনাৰ বিৱৰণি অনুসৰি ডিব্ৰুগড়ৰ লাহোৱালত অসম চৰকাৰৰ শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয়ত অংগনবাড়ী কেন্দ্রসমূহলৈ অহা পাঠ্যপুথিসমূহ মুখ্য কাৰ্যালয়টোত এইদৰে জ্বলাই দিয়া হৈছে । পুৰণি হোৱাৰ অজুহাতত এইদৰে দমে দমে শিশুৰ বাবে অহা কিতাপ বিতৰণ নকৰাকৈ জ্বলাই দিয়া হৈছে । কেনেকৈ অংগনবাড়ী কেন্দ্রসমূহলৈ অহা পাঠ্যপুথিসমূহ বিতৰণ নকৰাকৈ মুখ্য কাৰ্যালয়টোত থাকিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।