বঙাইগাঁও, 20 মে’ :ৰাজ্য কঁপোৱা বঙাইগাঁওকাণ্ডৰ শেহতীয়া তথ্য ৷ দেওবাৰে নিশা বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভুক্তভোগী কিশোৰ-কিশোৰীক ৷ বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক মোহন লাল মীনাৰ নেতৃত্বত বঙাইগাঁও আৰক্ষীয়ে কিশোৰীগৰাকীক বিচাৰি তীব্ৰগতিত চলাইছিল অভিযান ।
নিশা বঙাইগাঁও আৰক্ষীৰ এটা দলে কিশোৰীগৰাকীক উদ্ধাৰ কৰে চিৰাং জিলাৰ পৰা । ইয়াৰ পিচতে কিশোৰীগৰাকীক আৰক্ষীয়ে ঘটনাৰ বিষয়ে সোধপোছ কৰে ৷ জানিব পৰা মতে পাঁচ নৰপিশাচে ভিডিঅ’ৰ নামত ভুক্তভোগীৰ পৰা সৰ্বমুঠ 8 হাজাৰ টকা লৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
ঘটনা অনুসৰি, আজিৰ পৰা তিনিদিন পূৰ্বে পঞ্চপুৰ-কাছুৱাগাঁওস্থিত বৰঝৰা অঞ্চললৈ অৱসৰ বিনোদনৰ বাবে বাইকেৰে আহিছিল এহাল কিশোৰ-কিশোৰী ৷ বৰঝাৰৰ মনোৰম পৰিৱেশত থকা এটা নিজৰাত গা ধোৱাৰ পূৰ্বে পাহাৰখনৰ নামনি এলেকাৰ এটা স্থানত কিছু সময় জিৰণি লয় ৷ তেতিয়াই পাঁচ যুৱকৰ দলটোৰ সৈতে মুখামুখি হৈছিল কিশোৰ-কিশোৰীহাল ৷ তাৰ পাচতে দলটোৱে কিশোৰ-কিশোৰীহালক আগচি ধৰি বিভিন্ন ধৰণৰ প্রশ্ন কৰে ।
বিবস্ত্ৰ কৰি ভিডিঅ’ প্ৰস্তুত আৰু ধনদাবী :