গোলাঘাট :প্ৰতিদিনে শুনি থকা হত্যা-হিংসা, চুৰি-ডকাইতি ইত্যাদি বাতৰিতকৈ কিছু পৃথক আজিৰ এই প্ৰতিবেদন ৷ ই টিভি ভাৰতে আজি লৈ আহিছে এটা ভাল খবৰ ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ পৰা আহিছে এই সু-সংবাদটো । সেয়া হৈছে বোকাখাতৰ ৰঙালাও ৷
নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই ৷ ইতিমধ্যে সকলোৱে জানে যে ২০২৩ চনত ২ কোটি, ২০২৪ চনত ৬ কোটি টকাৰ ৰঙালাও কৃষিমন্ত্ৰী গৃহ সমষ্টি বোকাখাতৰ পৰা বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল ৷ পিছে এইবাৰ, অৰ্থাৎ ২০২৫ চনৰ এপ্ৰিল-মে' মাহত ইয়াৰ পৰা ৰপ্তানি হ'ব ১২ কোটিৰো অধিক টকা মূল্যৰ ৰঙালাও । ইয়াকে লৈ এতিয়া বোকাখাতৰ নৈ-পৰীয়া কৃষকৰ মাজত ভীষণ ব্যস্ততা ।
২০২৩ বৰ্ষত এহেজাৰ বিঘা মাটিত কৰিছিল ৰঙালাওৰ খেতি । সেই বছৰ বহিঃৰাজ্য পাইছিলগৈ ২ কোটি টকাৰ ৰঙালাও । ২০২৪ বৰ্ষত তিনি হাজাৰ বিঘাত ৰঙালাও খেতি কৰি উৎপাদিত ৰঙালাওৰ পৰা আয় হৈছিল ৬ কোটি টকা । এই লাভজনক আয়ৰ প্ৰতি আকৰ্ষিত হৈছিল বোকাখাতৰ বিহংগম নামৰ কৃষকৰ গোটে । সেয়েহে এইবাৰ কৃষকে মূল ৰবি খেতিৰূপে বাচি লয় ৰঙালাওৰ খেতি ।
এইবাৰ ৭ হাজাৰ বিঘাৰো অধিক মাটিত কৃষকে কৰিছে ৰঙালাও খেতি । সেয়েহে কৃষকৰ এইবাৰৰ উপাৰ্জন ১২ কোটিৰো অধিক হ’বগৈ বুলি অনুমান কৰা হৈছে । ৰঙালাও খেতি আৰু উৎপাদনক গুৰুত্ব দি বোকাখাতৰ নৈ-পৰীয়া অঞ্চলক লৈ গঠিত "বিহংগম কৃষি প্ৰডিউচাৰ কোম্পানী" নামৰ সংগঠনটোৰ সঞ্চালক মণ্ডলীৰ বিশিষ্ট যুৱ কৃষক ললিত দত্তই জানিবলৈ দিয়া মতে, বিগত দুটা বছৰে ৰঙালাও উৎপাদন কৰি বহিঃৰাজ্যলৈ প্ৰেৰণ কৰাৰ ফলত তেওঁলোক অধিক লাভাম্বিত হৈছিল ৷ সেই দেখিয়েই এইবাৰ দুগুণ উৎসাহেৰে কৃষকসকল আগবাঢ়ি আহিছে আৰু বিগত বৰ্ষৰ দৰে এইবাৰ বিহংগমে প্ৰায় ৭ হাজাৰ বিঘাৰ অধিক ৰঙালাও আৰু কিছু পৰিমাণে সৰিয়হ খেতি কৰা হৈছে ।
এইক্ষেত্ৰত তেওঁলোকে কৃষিমন্ত্ৰী অতুল বৰাৰ পৰাও যথেষ্ট সহায় সহযোগিতা লাভ কৰিছে বুলি উল্লেখ কৰে । ‘‘এইবাৰৰ ৰঙালাও খেতিৰ বাবে সংগঠনটোৱে অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা ৪০ কেজি আৰু নুমলীগড় শোধনাগাৰৰ পৰা ৮০ কেজি বীজ লাভ কৰিছে ৷ যাৰ বাবে খেতিয়কসকল যথেষ্ট পৰিমাণে সুবিধা পাইছে । এইবাৰ ৭ হাজাৰ বিঘাৰো অধিক ৰঙালাও খেতি কৰা হৈছে আৰু বিগত বৰ্ষৰ তুলনাত এইবাৰ ১২ কোটিৰো অধিক টকাৰ ৰঙালাও বৰ্হিঃৰাজ্যলৈ প্ৰেৰণ কৰা হ’ব ৷’’ এগৰাকী যুৱ কৃষকে কয় ৷