অসম

assam

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 11:17 AM IST

ETV Bharat / state

বোমাৰ সলনি বিলাসী বাহনত উদ্ধাৰ বহিঃৰাজ্যৰ ব্যক্তিৰ নিথৰ দেহ - Body recovered in dibrugarh

Body recovered in vehicle: ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷ আৰক্ষীয়ে বোমা বিচাৰি থকাৰ সময়তে বিলাসী বাহনত উদ্ধাৰ উত্তৰ প্ৰদেশৰ ব্যক্তি ৷ বাহনখন পশ্চিম বংগৰ পঞ্জীয়নভুক্ত ৷ পোহৰলৈ অহা নাই মৃত্যুৰ কাৰণ ৷

Body of Uttar Pradesh man found in vehicle in dibrugarh
বোমাৰ সলনি বিলাসী বাহনত উদ্ধাৰ বহিঃৰাজ্যৰ ব্যক্তি (ETV Bharat Assam)

মৰাণ, 18 আগষ্ট: স্বাধীনতা দিৱসৰ দিনটোত আলফা (স্বা) ৰাজ্যৰ 25 টা স্থানত বোমা সংস্থাপন কৰাৰ কথা ঘোষণা কৰাৰ পাছৰে পৰা আজি পৰ্যন্ত বোমা বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । দুৰ্ভাগ্যজনকভাৱে ডিব্ৰুগড় আৰক্ষীয়ে আজিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই জিলাখনত সংস্থাপিত বোমা । আৰক্ষীয়ে দিনে-নিশাই বোমা বিচাৰি থকাৰ সময়তে জিলাখনৰ দুলীয়াজানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।

বোমাৰ সলনি বিলাসী বাহনত উদ্ধাৰ বহিঃৰাজ্যৰ ব্যক্তি (ETV Bharat Assam)

গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ । দুলীয়াজানৰ টিপলিঙত পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত এখন বিলাসী গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ । গাড়ীখনৰ পঞ্জীয়ন নম্বৰ WB 06 B 0909 ।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটাত বিগত প্ৰায় চাৰিদিন ধৰি গৰাকীবিহীনভাৱে গাড়ীখন পথৰ কাষত ৰখাই থোৱা আছিল । শনিবাৰে গাড়ীখনৰ গৰাকীজনে মেকানিকৰ সহায়ত ভাল কৰিবলৈ চেষ্টা কৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল । কিন্তু বিয়লিলৈকে যান্ত্ৰিক বিজুতি হোৱা গাড়ীখন কাৰ্যক্ষম হৈ নুঠাত লোকজনে গাড়ীৰ ভিতৰতে জিৰণি লোৱা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে । কিন্তু নিশা পৰ্যন্ত লোকজনে গাড়ীৰ ভিতৰৰ পৰা ওলাই নহাত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ।

পিছত দুলীয়াজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ ভিতৰৰ পৰা লোক এজনৰ মৃতদেহ উদ্ধাৰ কৰে । ইফালে কি পৰিস্থিতিত লোকজনে মৃত্যুক আকোঁৱালি ল'লে সেয়া প্ৰাৰম্ভিক অৱস্থাত জানিব পৰা হোৱা নাই । পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । গাড়ীখনৰ ভিতৰত NCCৰ পোচাক আৰু টুপী উদ্ধাৰ হৈছে বুলি জনায় আৰক্ষীয়ে ।

দুলীয়াজান আৰক্ষীৰ মন্তব্য

ঘটনা সন্দৰ্ভত দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে লৈ ফোনযোগে, "গাড়ীখন কেবাদিনৰ পৰাই পথটোত আছিল । মৃত ব্যক্তিজনৰ নাম প্ৰেম কিশোৰ তিৱাৰী, ঘৰ উত্তৰ প্ৰদেশত । ব্যক্তিজনে অৰুণাচলৰ লংডিঙত NCC ত কৰ্মৰত হৈ আছিল । গাড়ীখন লৈ তেওঁ তিনিচুকীয়ালৈ আহিছিল যদিও দুলীয়াজানত বিজুতি ঘটাত দুলীয়াজানত গাড়ী ঠিক কৰাৰ ব্যৱস্থা কৰিছিল । কিন্তু কি কাৰণত মৃত্যু হ'ল সেই সন্দৰ্ভত নিশ্চিত হ'ব পৰা নাই ৷ অৱশ্যে কোনো ৰোগত আক্ৰান্ত হৈও মৃত্যু হ'ব পাৰে ।"

লগতে পঢ়ক:মাক-দেউতাকৰ ওপৰত হোৱা আক্ৰমণৰ সাক্ষী হৈ মৃত্যু ১৪ বছৰীয়া কিশোৰীৰ - Girl dies of Shock

দুৰ্বৃত্তৰ নৃশংসতাৰ বলি দুজনকৈ মাছমৰীয়া: আৰক্ষীৰ তদন্ত আৰম্ভ - MURDER IN BOKOLIAGHAT

যৌতুকৰ দাবী পূৰণ নকৰাৰ বাবেই গৰ্ভৱতী মহিলাক হত্যা : গোচৰ ৰুজু স্বামী পৰিয়ালৰ বিৰুদ্ধে - WOMAN MYSTERIOUS DEATH IN CACHAR

ABOUT THE AUTHOR

...view details