গুৱাহাটী,২৮মাৰ্চ :বুধবাৰে নুনমাটি, চূণচালিৰ ব্ৰহ্মপুত্ৰ নৈত সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সলিল সমাধি ঘটা গুৱাহাটীৰ ছাত্ৰগৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে এছ ডি আৰ এফ বাহিনীৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মৃত ছাত্ৰগৰাকী নুনমাটি আনন্দনগৰৰ ইনজামুল হক বুলি জানিব পৰা গৈছে । স্থানীয় লোকে জনোৱা অনুসৰি নুনমাটিৰ শংকৰ-মাধৱ স্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত ইনজামুলে বুধবাৰে বিদ্যালয়ত ঘোষণা কৰা বছেৰেকীয়া পৰীক্ষাৰ ফলাফল ল'বলৈ দিনৰ ভাগত বিদ্যালয়লৈ গৈছিল ।
পৰীক্ষাৰ ভাল ফলাফল লাভ কৰাৰ পিচত ইনজামুলে দুই সতীর্থ ছাত্ৰৰ সৈতে চূণচালিৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ যায় । গা ধুই থকা অৱস্থাতে হঠাৎ ছাত্ৰজন নৈৰ বুকুত নিখোজ হৈ পৰে । আন সমনীয়া দুগৰাকীয়ে ইনজামুলক বচোৱাৰ বাবে অপ্ৰাণ চেষ্টা চলাই যদিও ব্যৰ্থ হয় । এই কথাটো তেওঁলোকে কোনো লোকক অৱগত নকৰি ঘৰলৈ উভতি যায় । ইফালে সন্ধিয়াৰ ভাগলৈ ইনজামুল ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক । পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ'ল ইনজামুলৰ ।