অসম

assam

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:12 PM IST

ETV Bharat / state

গোলাঘাটৰ মহুৰামুখত গড়ঁৰ মৃতদেহ উদ্ধাৰ - Body Of Rhino found in Golaghat

Body of rhino found : ৰাজ্যত পুনৰ গঁড়ৰ আতংক ৷ গঁড়ৰ বাবেই এইবাৰ বাতিল কৰা হ’ল হুঁচৰি অনুষ্ঠান ৷ ইয়াৰ মাজতেই উদ্ধাৰ হ'ল গঁড়ৰ মৃতদেহ ।

Body of rhino found
ৰোহিতা অঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ৰোহিতা অঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

গোলাঘাট, ১৬ এপ্ৰিল:আজি মহুৰামুখৰৰোহিতা অঞ্চলতউদ্ধাৰ হয় গঁড়ৰ মৃতদেহ ।গৰু বিহুৰ দিনা দেৰগাঁও গেলাবিল অঞ্চলত এটা গঁড়ে এজন যুৱকক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ পাচত বন বিভাগে উক্ত গঁড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছিল । বন বিভাগৰ লোকে গঁড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদিবলৈ চেষ্টা কৰাৰ সময়তেই মহুৰামুখৰ নৈপৰীয়া ৰোহিতা অঞ্চলত মুক্ত বিচৰণ কৰা পৰিলক্ষিত হৈছিল । আনকি সোমবাৰে গঁড়টো বনকৰ্মীক আক্ৰমণ কৰিছিল যদিও কোনোমতে ৰক্ষা পাবলৈ সক্ষম হয় ৷

সোমবাৰে দিনত ৰাইজৰ সহযোগত বন বিভাগৰ কৰ্মীয়ে উক্ত অঞ্চলৰ পৰা কাজিৰঙাৰ দিশে খেদাৰ চেষ্টা কৰিছিল যদিও বিফল হয় ৷ তাৰ পাচত নিশাটো গঁড়টোৱে ৰোহিতা অঞ্চলৰ ওচৰৰে অন্য এটা চাপৰিলৈ অহা-যোৱা কৰাৰ খোজৰ চাপ ৰাইজে প্ৰত্য়ক্ষ কৰিছে যদিও আজি মৃত অৱস্থাত উদ্ধাৰ হয় গড়ঁটো ৷ এই গঁড়টোৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই যদিও বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বুলি জানিবলৈ দিছে বন বিভাগৰ বিষয়াই ৷

ইয়াৰ পিচতেই বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে । উল্লেখযোগ্য যে বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাষতে থকা অঞ্চলসমূহত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে বন্য জীৱ-জন্তুৱে । বন বিভাগৰ লোকৰ হাতত এই বন্য জীৱ-জন্তু সমূহক পুনৰ ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ নাই কোনো ধৰণৰ বিজ্ঞানসন্মত পদ্ধতি । ফলত বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু এনেদৰে মৃত্যুমুখত পৰি আহিছে ।

লগতে পঢ়ক:ৰাজ্যত অব্যাহত গঁড়ৰ আতংক; গোলাঘাটত বাতিল হ’ল হুঁচৰি অনুষ্ঠান - Rhino Roaming Freely In Golaghat

ABOUT THE AUTHOR

...view details