জোনাই: গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু ৷ ধেমাজি জিলাৰ চিলাপথাৰৰ এগৰাকী যুৱতীৰ মৃত্য়ুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যোৱা ২৬ জানুৱাৰীত মহানগৰীত প্ৰেমিকৰ কোঠাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ ৷
চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ৩নং মহনপুৰ গাঁৱৰ ২১ বছৰীয়া যুৱতীগৰাকী যোৱা চাৰিমাহ ধৰি গুৱাহাটীৰ এটা জিমত সহায়কাৰীৰূপে কৰ্মৰত আছিল ৷ দেওবাৰে দিনৰ ভাগত ৰহস্যজনকভাৱে প্ৰেমিকৰ ভাড়াঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ ৷ যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুক পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই । ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে চানমাৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷
পৰিকল্পিত হত্য়াকাণ্ডৰ অভিযোগ পৰিয়ালৰ :
এই ঘটনাটো চানমাৰি আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবস্তিত সংঘটিত হৈছে ৷ যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চিলাপথাৰ মিচিং গাঁৱৰ ইন্দ্ৰজিৎ পাইট নামৰ যুৱকজনক ইতিমধ্যে চানমাৰী আৰক্ষীয়ে আটক কৰিছে ৷ দুয়োগৰাকী যুৱক-যুৱতীৰ ঘৰ ধেমাজি জিলাত ৷ চিমেন চাপৰিৰ যুৱতীগৰাকীক দেওবাৰে প্ৰেমিকে গুৱাহাটীৰ ভাড়াঘৰলৈ নিছিল ৷ বিয়া পতাৰ প্ৰস্তাৱ প্ৰত্যাখ্য়ানৰ বাবেই যুৱতীগৰাকী যুৱকজনৰ কোঠাতে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ইপিনে, যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে এয়া এক পৰিকল্পিত হত্য়াকাণ্ড বুলি অভিযোগ উত্থাপন কৰি ঘটনাটোক যুৱকজনে অন্য় ৰূপ দিয়াৰ চেষ্টা কৰা বুলি কয় । যুৱতীগৰাকীৰ ডিঙিত গুৰুতৰ আঘাতৰ চিন স্পষ্টভাৱে দেখা গৈছে বুলি কয় পিতৃয়ে ৷