তিনিচুকীয়া:ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মাতমৰাত শুক্ৰবাৰে সন্ধিয়া এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । ব্ৰহ্মপুত্ৰৰ বুকুত ভাঁহি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীক অৱগত কৰে ।
কেনেকৈ উদ্ধাৰ হ'ল মৃতদেহ ?
মনোজৰ মৃতদেহ ঢকুৱাখনাত উদ্ধাৰ (ETV Bharat Assam) ইয়াৰ পাছত ঢকুৱাখনা থানাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । লংপেন্ট-চাৰ্ট পৰিহিত প্ৰাপ্তবয়স্ক লোকজনৰ কঁকালত এখন দীঘল দা বান্ধি থোৱাৰ লগতে দেহত এটা টি চাৰ্ট থকা বুলি প্ৰত্যক্ষদৰ্শীয়ে কয় । মৃতদেহটো চিনাক্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পাছত দেওবাৰে তিনিচুকীয়া জিলাৰ দিনজান ঘাটত নিখোঁজ হোৱা মনোজ প্ৰায়াৰ বুলি সন্দেহ কৰে ।
সেইসূত্ৰে কিছু সম্ভেদ লাভ কৰাত আটছা আৰু পৰিয়ালৰ লোকে আজি ঢকুৱাখনালৈ যাত্ৰা কৰে । তেওঁলোকে আজি আবেলি মৃতদেহটো চিনাক্ত কৰি ঘৰলৈ অনাৰ ব্য়ৱস্থা কৰে । দিনজান ঘাটত দেওবাৰে নাও দূৰ্ঘটনা হোৱাৰ পাছত অমৃশ মিপুন নামৰ এজন লোকে অতি নিৰ্মমভাৱে ভৰিৰে গোৰ মৰাৰ লগতে নাৱত উঠাত বাধা প্ৰদান কৰি নদীত পেলাই দিছিল দিনজান চাহ বাগিচাৰ মনোজ প্ৰায়াক ।
ইয়াৰ পাছতে সমগ্ৰ ঘটনাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হয় । পৰৱৰ্তী সময়ত আটছা, আছাৰ লগতে স্থানীয় ৰাইজে অমৃশ মিপুনক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে মনোজ প্ৰায়াৰ পৰিয়ালক সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছিল । বুধবাৰে অমৃশ মিপুনে জোনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰে আৰু তিনিচুকীয়া আৰক্ষীয়ে জোনাই আৰক্ষীৰ পৰা নিজৰ জিম্মাত লৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।