স্প’ৰ্টছ ডেস্ক: সদ্যসমাপ্ত আই পি এল 2025 ৰ মেগা নিলামত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ ওপৰত ফ্ৰেঞ্চাইজিয়ে কৰিছিল ধনৰ বৰষুণ ৷ চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত এই নিলামত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ভাৰতীয় ক্ৰিকেটাৰ পন্তক সৰ্বাধিক 27 কোটি টকা মূল্যত ক্ৰয় কৰে ।
ইয়াৰ লগে লগে পন্ত আই পি এল ইতিহাসৰ সৰ্বাধিক দামী খেলুৱৈত পৰিণত হয় ৷ অৱশ্যে ফ্ৰেঞ্চাইজিয়ে দিলে বুলিয়েই আটাইখিনি ধন লাভ নকৰে খেলুৱৈগৰাকীয়ে ৷ তেনেহ’লে খেলুৱৈগৰাকীয়ে কিমান পৰিমাণৰ ধন লাভ কৰিব ? কিহৰ বাবে তেওঁক আটাইখিনি ধন প্ৰদান কৰা নহয় ?
কিমান ধন লাভ কৰিব পন্তে ?
ভাৰত চৰকাৰৰ আয়কৰ আইনৰ নিৰ্ধাৰিত নিয়ম অনুসৰি, ঋষভ পন্তে তেওঁৰ চুক্তিৰ পৰিমাণৰ পৰা কৰ হিচাপে পৰিশোধ কৰিব লাগিব 8 কোটি 1 লাখ টকা ৷ যাৰ বাবে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে চুক্তি কৰা অনুসৰি আটাইখিনি ধন খেলুৱৈগৰাকীয়ে লাভ নকৰে ৷ পন্তে মুঠ 27 কোটি টকাৰ পৰা 8.01 কোটি টকাৰ কৰ পৰিশোধ কৰাৰ পিছত অৱশিষ্ট 18.09 কোটি টকাহে উপাৰ্জনৰ ধন হিচাপে লাভ কৰিব ৷
𝗥𝗲𝗰𝗼𝗿𝗱-𝗯𝗿𝗲𝗮𝗸𝗶𝗻𝗴 𝗥𝗶𝘀𝗵𝗮𝗯𝗵 🔝
— IndianPremierLeague (@IPL) November 24, 2024
Snippets of how that Historic bidding process panned out for Rishabh Pant 🎥 🔽 #TATAIPLAuction | #TATAIPL | @RishabhPant17 | @LucknowIPL | #LSG pic.twitter.com/grfmkuCWLD
বিদেশী খেলুৱৈসকলেও পৰিশোধ কৰিব লাগিব কৰ
আই পি এলৰ নিলামত ফ্ৰেঞ্চাইজিয়ে ক্ৰয় কৰা বিদেশী খেলুৱৈসকলেও ভাৰত চৰকাৰক পৰিশোধ কৰিব লাগিব কৰ । অৱশ্যে খেলুৱৈসকলে কৰ পৰিশোধ কৰাৰ পিছতহে তেওঁলোকে পাবলগীয়া উপাৰ্জনৰ ধন লাভ কৰিব ৷
নিলামৰ সময়ত দেখা গৈছিল যে, দিল্লী কেপিটেলছে 20.75 কোটি টকাত ঋষভ পন্তক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছিল ৷ পিছে লক্ষ্ণৌৱে এই কথাত হস্তক্ষেপ কৰি পন্তক 27 কোটি টকাৰে চুক্তিবদ্ধ কৰে ৷ 18 তম আই পি এল 2025 ছিজনত লক্ষ্ণৌৰ অধিনায়কৰ ভূমিকাত ক্ৰিকেটাৰগৰাকীক অনুৰাগীয়ে দেখা পোৱাৰ সম্ভাৱনা আছে ৷ আই পি এলৰ পৰৱৰ্তী ছিজন 2025 চনৰ 14 মাৰ্চৰ পৰা আৰম্ভ হ'ব ।
লগতে পঢ়ক: কেতিয়া আৰম্ভ হ’ব আই পি এল 2025; বি চি চি আইৰ দিন ঘোষণা