গোলাঘাট: বুধবাৰে গোলাঘাট জিলাৰ ঐতিহাসিক দেওপাহাৰৰ ভগ্নাৱশেষ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওপাহাৰ পৰিদৰ্শনৰ পিছত ভগ্নাৱশেষসমূহৰ সংৰক্ষণৰ বাবে বিশেষ আঁচনি ঘোষণা কৰাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷
দেওপাহাৰ পৰিদৰ্শনৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয়, "দেওপাহাৰৰ বিষয়ে আগতে মোক কোৱা হৈছিল যদিও মই নিজে অনুমান কৰিব পৰা নাছিলোঁ যে ইমান ডাঙৰ সম্পদ এটা দেওপাহাৰত লুকাই আছে । ইয়াত এনেকুৱা কিছুমান সম্পদ আছে যিবিলাক অষ্টম, নৱম শতিকাৰ । অসমত কিমান আগতেই প্ৰত্নতাত্ত্বিক সম্পদ আছিল সেই বিষয়ে ইয়াৰ পৰা এটা ডাঙৰ বৰ্ণনা পোৱা যায় ।"
তেওঁ লগতে কয়, "ইয়াত থকা মূৰ্তিবিলাকে যিসমূহ কাহিনী কৈছে, সেই কাহিনীসমূহ কোনোবাই লিখিলে অসম কিমান অগ্ৰণী ৰাজ্য আছিল সেয়া ওলাই যায় । অসমৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে, কিন্তু ১২ শতিকাত লিখা ল বা বিভিন্ন ধৰণৰ শব্দাক্ষৰ ইয়াত আছে । আমাৰ দুৰ্ভাগ্য যে অসমত থাকি কাজিৰঙালৈ আহোঁ কিন্তু দেওপাহাৰলৈ অহা নাই ।"
![Assam CM visit Deopahar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-11-2024/img-20241127-wa0029_2711newsroom_1732712183_857.jpg)
দেওপাহাৰৰ পৰ্যটন সম্ভাৱনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "মই ভাবো কাজিৰঙা ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলে নাজানে যে ইয়াত পুৰাতাত্ত্বিক সমল আছে । মই ঘূৰি গৈ মন্ত্ৰী অতুল বৰাৰ লগত আলোচনা কৰি এই দেওপাহাৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ লগে লগে ইয়াৰ সম্পদসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিম । ইয়াৰ উপৰি ইয়াত আৰু বহু সমল উদ্ধাৰ হোৱা নাই, সেইবিলাক চেষ্টা কৰিলে ওলাব । গতিকে এই পাহাৰখনৰ সৰ্বাংগীণ বিকাশ পুৰাতাত্ত্বিক দিশৰ পৰা, পৰ্যটকৰ দিশৰ পৰা মই পৰ্যবেক্ষণ কৰি থাকিম আৰু কিবা ভাল খবৰ দিবলৈ চেষ্টা কৰিম ।"
![Assam CM visit Deopahar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-11-2024/img-20241127-wa0028_2711newsroom_1732712183_430.jpg)
আনহাতে, দেওপাহাৰ এখন PRF অৰ্থাৎ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আছিল আৰু ইয়াক RF অৰ্থাৎ সংৰক্ষিত বনাঞ্চল কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে PRF খন এতিয়া RF নকৰিলেও হয় ।
![Assam CM visit Deopahar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-11-2024/img-20241127-wa0025_2711newsroom_1732712183_61.jpg)
ইয়াৰ উপৰি গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয়, "হাতী-মানুহৰ সংঘাতৰ ক্ষেত্ৰত আপোলোকে জানে যে এই অঞ্চলসমূহ এটা সময়ত হাতীৰ অহা-যোৱা কৰা ঠাই আছিল, পাছলৈ উদ্যোগ হ'ল । গতিকে হাতীয়ে নিজৰ অহা-যোৱা কৰা পথ বিচাৰি আহে । তাৰ মাজতে আমি বিভিন্ন ধৰণে সংঘাত কমাবলৈ চেষ্টা কৰিছোঁ । ইয়াৰ উপৰি এইবাৰ ভাৰত চৰকাৰক মই অনুৰোধ কৰিছোঁ যে কিছু হাতী আমি ঘৰচীয়া কৰিব পাৰো নেকি । কাৰণ হাতীৰ সংখ্যা বৃদ্ধি পাইছে । পূৰ্বে বনৰীয়া হাতী ঘৰচীয়া কৰা হৈছিল । কিন্তু পিছত ভাৰত চৰকাৰে সেই কাম বন্ধ কৰিছিল । ইয়াৰ উপৰি বনাঞ্চলত হাতীয়ে খোৱা গছ-গছনি ৰোপণ কৰিব পাৰিলেও খাদ্যৰ সন্ধানত হাতী ওলাই নাহে ।"
![Assam CM visit Deopahar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-11-2024/img-20241127-wa0026_2711newsroom_1732712183_301.jpg)
উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ লগতে কৃষি মন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি বিভাগীয় বিষয়াসকলেও এই দেওপাহাৰ পৰিদৰ্শন কৰে ।