ETV Bharat / state

যোৰহাটত পথ সম্প্ৰসাৰণৰ নামত গছ কটাত ম্ৰিয়মাণ প্ৰকৃতিপ্ৰেমী - JORHAT TREES CUTTING CONTROVERSY

পথ সম্প্ৰসাৰণৰ নামত ধ্বংস সেউজীয়া অৰণ্য । পুত্ৰৰ জন্মদিন আৰু পিতৃ-মাতৃৰ সোঁৱৰণত ৰোপণ কৰা গছ কাটি টহিলং কৰাত দুখত ম্ৰিয়মাণ প্ৰকৃতিপ্ৰেমী ।

Jorhat trees cutting controversy
যোৰহাটত পথ সম্প্ৰসাৰণৰ নামত গছ কটাত ম্ৰিয়মাণ প্ৰকৃতীপ্ৰেমী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 6:05 PM IST

যোৰহাট : অমৃত বৃক্ষ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বৃক্ষৰোপণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে । কিন্তু ইয়াৰ সমান্তৰালভাৱে চৰকাৰী বিভাগসমূহেই ধ্বংস কৰিছে শতিকা পুৰণি বৃক্ষ । এনে এক ঘটনা সংঘটিত হৈছে যোৰহাটত ।

পথ সম্প্ৰসাৰণৰ নামত তিতাবৰত লোক নিৰ্মাণ বিভাগৰ সৈতে মিলি বন বিভাগ নামিছে বন ধ্বংসযজ্ঞত । যোৰহাট সংযোগী তিতাবৰ ন-আলিৰ পথটোত কৃষ্ণচূড়াৰ পৰা আদি কৰি বিভিন্ন প্ৰজাতিৰ গছৰে শোভাবৰ্ধন কৰি আহিছে আৰু পথছোৱাৰ চৌদিশ ৰূপান্তৰিত হৈছিল এক সেউজীয়া অৰণ্যলৈ । কিন্তু সেউজীয়া আৱৰণে শোভাবৰ্ধন কৰা উক্ত পথছোৱাত পথচাৰীয়ে এতিয়া দেখিবলৈ নাপাব উক্ত গছসমূহ ।

যোৰহাটত পথ সম্প্ৰসাৰণৰ নামত গছ কটাত ম্ৰিয়মাণ প্ৰকৃতীপ্ৰেমী (ETV Bharat Assam)

সামান্য পথ বহল কৰাৰ নামত এজোপা এজোপাকৈ এফালৰ পৰা কাটি গৈছে প্ৰকাণ্ড প্ৰকাণ্ড গছ । ইফালে কিছুমান গছ নাকাটিলেও পথ উন্নয়নত কোনো হেঙাৰ নোহোৱা গছসমূহ এফালৰ পৰা কাটি টহিলং কৰাত দুখত ভাগি পৰিছে প্ৰকৃতিপ্ৰেমী তথা সচেতন ৰাইজ ।

তেনে এগৰাকী প্ৰকৃতিপ্ৰেমীৰ মনৰ বেদনা এনেদৰে ব্যক্ত কৰে, "আমি সাধাৰণ মানুহ । ক'বলৈ একো নোৱাৰো । তথাপি এই ন-আলিৰ কাষে কাষে থকা পুৰণি গছসমূহ কাটি টহিলং কৰিলে । গতিকে এতিয়া এই ন-আলিৰ কাষৰ প্ৰত্যেক ঘৰ মানুহেই দুখত আছে । কাৰণ বহু পুৰণি গছবিলাক এতিয়া কাটি শেষ কৰি দিছে । সেই গছখিনি সংৰক্ষণ কৰিব পৰা হ'লে ভাল আছিল । কিছুমান গছ নেকাটিলেও হয়, অথচ সেইবোৰো কাটি দিছে ।"

তেওঁ লগতে কয়, "এইকেইদিন আমাৰ খোৱা-শোৱা নোহোৱাৰ নিচিনা হৈছে । নিজেই ৰোৱা গছপুলি এতিয়া কাটি পেলাইছে । মোৰ ডাঙৰ ল'ৰাটোৰ বয়স এতিয়া চৌব্বিছ বছৰ । ল'ৰাটোৰ জন্মদিনত এজোপা ৰুইছিলোঁ আঁহত পুলি । চৌব্বিছ বছৰ বয়স হৈছিল গছজোপাৰ । মই সৰুৰে পৰা ডাঙৰ-দীঘল কৰা । ল'ৰাটোৰ নিচিনাকৈ মৰম কৰিছিলোঁ । সেইজোপা কাটি শেষ কৰি দিলে চকুৰ আগতে । মোৰ মা-দেউতা ঢুকাওতে দুজোপা ৰুইছিলোঁ আলিৰ কিনাৰতে । সেই দুজোপা গছ এতিয়া নেকাটিলেও হয় । কিন্তু সেই দুজোপা গছো কাটি পেলাইছে ।"

উল্লেখ্য যে পথ সম্প্ৰসাৰণৰ নামত যোৰহাট সংযোগী পথৰ কাষত থকা প্ৰকাণ্ড প্ৰকাণ্ড বহু বছৰীয়া গছবোৰ কাটি টহিলং কৰাত ৰাইজে ধিক্কাৰ দিছে লোকনিৰ্মাণ বিভাগ আৰু বন বিভাগক । অন্যহাতে, পথ উন্নয়ন নামত কাটি পেলোৱা বৃহৎ বৃহৎ গছৰ কুণ্ডাবোৰ ক'লৈ যায় তাক লৈও সন্দেহ একাংশ ৰাইজৰ । ৰাইজৰ অভিযোগ, বৃহৎ বৃহৎ গছৰ কুণ্ডাবোৰ ওজন হিচাপত গাটানিৰ দৰে বৃহৎ প্ৰতিষ্ঠানক বিক্ৰী কৰে ।

লগতে পঢ়ক :হস্তীদণ্ডিত বন বিভাগৰ পকী দেৱাল: গোৱালপাৰাত ৰাইজৰ প্ৰতিবাদ
লগতে পঢ়ক :নিশাৰ ভিতৰতে নোহোৱা হৈ গ’ল দীঘলীপুখুৰীৰ পাৰৰ খাও গলি; উপায়হীন ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.