অসম

assam

ETV Bharat / state

কংগ্ৰেছে মাজুলীত মিঞা বহুৱাব খুজিছে: ৰিণিকি ভূঞাৰ পূৰ্বপুৰুষ মাজুলীৰ গতিকে মাটি কিনিব পাৰে- বিধায়ক গাম - Protest in Majuli - PROTEST IN MAJULI

BJP stages protest: সত্ৰনগৰী মাজুলী অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) বিধেয়কৰ আওঁতালৈ নহাত দ্বীপ জিলাখনত দেখা গৈছে অসন্তুষ্টি ৷ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে আৰম্ভ কৰিছে প্ৰতিবাদ ৷ কংগ্ৰেছৰ বিৰোধিতাৰ বাবে ৰাজ্যৰ বিজেপি চৰকাৰে মাজুলীক হেৰিটেজ বেল্ট ঘোষণা নকৰা বুলি বিজেপিৰ ক্ষোভ ৷

Protest in Majuli
BJP stages protest (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 7:02 PM IST

মাজুলী, 1 ছেপ্টেম্বৰ: অসম বিধানসভাত গৃহীত হ’ল অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) বিধেয়ক । এই বিধেয়কখনৰ অধীনত বৰপেটা, বৰদোৱা হেৰিটেজ বেল্ট ৰূপে ঘোষিত হ’ল । সত্ৰনগৰী মাজুলীকো এই বিধেয়কৰ আওঁতালৈ অনাৰ কথা আছিল যদিও শেষ সময়ত সেয়া হৈ নুঠিল । নাওবৈচাৰ কংগ্ৰেছ সাংসদ ভৰত নৰহে উত্থাপন কৰা কেতবোৰ আপত্তিৰ পিচতে মাজুলীৰ ক্ষেত্ৰত এই সিদ্ধান্ত স্থগিত ৰখা হয় ৷ সত্ৰনগৰী মাজুলী এই বিধেয়কৰ আওঁতালৈ নহাত মাজুলীৰ ৰাইজৰ লগতে দল-সংগঠনৰ মাজতো তীব্ৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে ।

মাজুলীত প্ৰতিবাদ (ETV Bharat Assam)

সত্ৰনগৰী মাজুলীৰ গড়মূৰত দেওবাৰে মাজুলীত জিলা বিজেপিয়ে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । সমগ্ৰ মাজুলীক ঐতিহ্য খণ্ড হিচাপে ঘোষণা কৰা বিধেয়কখনক বিধানসভাত কংগ্ৰেছে বিৰোধিতা কৰাক লৈ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰে । মিয়াপ্ৰেমী কংগ্ৰেছী হায় হায়, মাজুলীৰ উন্নতিত বিৰোধিতা কৰা কংগ্ৰেছ দল গ’ বেক ধ্বনিৰে উত্তাল হৈ পৰে মাজুলীৰ ৰাজপথ ।

এই প্ৰতিবাদত অংশগ্ৰহণ কৰি মাজুলীৰ বিধায়ক ভুবন গামে কয়, ‘‘মাজুলীত কেনেকৈ মিঞা মানুহ বহুৱাব পাৰি কংগ্ৰেছ দলে তাকে লক্ষ্য কৰি আছে । আজিৰ তাৰিখত কংগ্ৰেছ দলৰ ভোটাৰৰ অভাৱ যাৰ বাবে মিঞাৰ ভোট লাগে । মিঞা ভোটৰ বাবে মাজুলীক এই বিধেয়কৰ ভিতৰলৈ অহাত আপত্তি কৰিলে কংগ্ৰেছ দলে ৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীক এই বিধেয়কৰ আওঁতালৈ আহি থকা দিনত আনিবই ।’’

আনহাতে মাজুলীত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ভূমি কিনা প্ৰসংগত সৰৱ হৈছে ৰাইজৰ দল, পোহৰলৈ আনিছে ভূমি ক্ৰয়ৰ প্ৰসংগ । এই সম্পৰ্কত প্ৰতিবাদ থলিত সাংবাদিকে কৰা প্ৰশ্নত উত্তেজিত হৈ পৰে বিধায়ক ভুবন গাম । বিধায়কগৰাকীয়ে কয়, ৰিণিকি ভূঞাৰ পৰিয়ালৰ বংশলতা মাজুলীত আছিল, সেই সূত্ৰে মাটি কিনিছে ।’’

লগতে পঢ়ক:কেৱল বৰপেটা আৰু বৰদোৱা সত্ৰ সুৰক্ষিত হ'লেই নহ'ব : পলাশ চাংমাই - Land Law Amendment Bill

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বৃহৎ মাটি ক্ৰয়ৰ ধনৰ উৎস কি ? প্ৰশ্ন ৰাইজৰ দলৰ - Land Law Amendment Bill

ABOUT THE AUTHOR

...view details