গুৱাহাটী, ২৬ ছেপ্টেম্বৰ:বিজেপিৰ সদস্যভৰ্তি অভিযানকলৈ বৰ্তমান ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে । ৫০ লাখৰ লক্ষ্যৰে ৰাজ্যত যোৱা ২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে বিজেপিৰ সদস্যভৰ্তি অভিযান । বিশেষকৈ প্ৰতিটো বিধানসভা সমষ্টিত নতুনকৈ ৪০ হাজাৰ সদস্যভৰ্তিৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে এই অভিযান আৰম্ভ কৰিছে । ইতিমধ্যে কেবাটাও সমষ্টিত সদস্যভৰ্তিৰ এই অভিযানে লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ।
ইফালে কেইবাটাও সমষ্টিত একপ্ৰকাৰ সদস্যভৰ্তিক লৈ অঘোষিত প্ৰতিযোগিতা হৈছে । কোন শীৰ্ষত থাকে তাক লৈ চলিছে জোৰদাৰ অভিযান । অৱশ্যে একাংশ সমষ্টিত এতিয়াও বহু পিছপৰি আছে সদস্যভৰ্তি অভিযান । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সদৰী কৰা অনুসৰি এতিয়ালৈকে অসমত ৪৩ লাখ ৬৭ হাজাৰ লোকে বিজেপিৰ সদস্যতা গ্ৰহণ কৰিছে । বুধবাৰে ৰাজ্যজুৰি সদস্যভৰ্তিৰ মহা অভিযান চলোৱা হৈছিল । আনহাতে ৪০ হাজাৰ সদস্যভৰ্তি হোৱা সমষ্টিত অভিযান বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে ।
মুখ্যমন্ত্রীয়ে জনোৱা মতে ৪০ হাজাৰ নোহোৱা সমষ্টিত ৯ অক্টোবৰলৈ চলিব সদস্যভৰ্তি অভিযান । তাৰ পাছতো ৰৈ যোৱা সমষ্টিত দুৰ্গা পূজাৰ পাছত চলিব সদস্যভৰ্তি অভিযান । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রীয়ে ১০০ টা সমষ্টিক টাৰ্গেট কৰি ৫০ লাখ নতুন সদস্যভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । বাকী কিছুমান সমষ্টিত সদস্যভৰ্তি ৪০ হাজাৰৰ তলত থাকিব বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰিছে ।
সদস্যতা অভিযানলৈ ব্যাপক সঁহাৰি
লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিকে ধৰি দুগৰাকী মন্ত্রীয়ে প্ৰতিনিধিত্ব কৰা দুটা সমষ্টিত সদস্যভৰ্তি অভিযানে ৮০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । অৰ্থাৎ এই তিনিটা সমষ্টিয়ে অতিৰিক্তভাৱে গড় হিচাপত আন তিনিটা সমষ্টিৰ টাৰ্গেট পূৰণ কৰিবলৈ সক্ষম হৈছে । বিজেপিৰ সদস্যভৰ্তিৰ তালিকাত প্রথম স্থানত আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ জালুকবাৰী সমষ্টি । সমষ্টিটোত ৮০ হাজাৰৰো অধিক লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে । ২৪ ছেপ্টেম্বৰলৈ মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিত ৮৬,৬১৬ গৰাকী, মন্ত্রী পীযুষ হাজৰীকাৰ জাগীৰোড সমষ্টিত ৮৩,৯২৭ গৰাকী আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নলবাৰী সমষ্টিত ৮১,৫৫৫ গৰাকী লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে ।
আনহাতে ৫০ হাজাৰৰ ওপৰত সদস্যভৰ্তি কৰিবলৈ সক্ষম হোৱা সমষ্টিসমূহ হৈছে ক্ৰমে লক্ষীপুৰ, পাথাৰকান্দি, টিংখাং, ৰঙিয়া, ৰামকৃষ্ণ নগৰ, শদিয়া, হোজাই, সৰুপথাৰ আৰু ঢেকীয়াজুলি । অৱশ্যে ইয়াৰে কেইবাটাও সমষ্টিয়ে ৬০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে । সেইদৰে ৪০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা সমষ্টিৰ সংখ্যা হৈছে ২৫ টা । বাকী সমষ্টিসমূহত সদস্য ভৰ্তিৰ সংখ্যা ৪০ হাজাৰৰ তলতে আছে ।
৯ অক্টোবৰলৈ চলিব অভিযান
ইফালে মুখ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি সদস্যভৰ্তি ৪০ হাজাৰ অতিক্ৰম কৰা সমষ্টিসমূহত এই অভিযান বন্ধ কৰা হ'ব । সেইদৰে ৪০ হাজাৰ নোহোৱা সমষ্টিত ৯ অক্টোবৰলৈ সদস্যভর্তি অভিযান চলি থাকিব । এক কথাত ৯ অক্টোবৰৰ ভিতৰত সেই সমষ্টিকেইটাত ৪০ হাজাৰ সদস্য ভৰ্তি হ'বই লাগিব । স্বাভাৱিকতে মুখ্যমন্ত্ৰীৰ এনে ঘোষণাৰ পিচতে এতিয়া থৰ-কাছুটি হেৰুৱাইছে বহু বিধায়কে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই একপ্ৰকাৰ ৪০ হাজাৰৰ টাৰ্গেট দিছে দলীয় সকলো প্ৰতিনিধিকে । কমেও ১০০ টা সমষ্টিত বিজেপিৰ সদস্যভৰ্তি অভিযানে ৪০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিব লাগিব । সেয়ে এতিয়া ৪০ হাজাৰৰ তলত সদস্যভৰ্তি হৈ থকা সমষ্টিসমূহৰ বিধায়কসকল সমস্যাত পৰিছে ।