নতুন দিল্লী:২৭ বছৰৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ ওলাইছে । দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক গুণা-গাঁথা ৷ ইয়াৰ মাজতে বিজেপিয়ে দিল্লীত চৰকাৰ গঠনৰ প্ৰচেষ্টা আৰম্ভ কৰিছে ।
দিল্লীত চৰকাৰ গঠন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত এখন বৈঠক অনুষ্ঠিত হয় । এই সময়ছোৱাত জে পি নাড্ডাৰ উপৰিও বৈজয়ন্ত পাণ্ডা আৰু বি এল সন্তোষও উপস্থিত আছিল । কোৱা হয় যে এই বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰীৰ উপৰি মন্ত্ৰীসকলৰ নামো আলোচনা কৰা হৈছিল ৷
দিল্লী বিজেপিৰ সভাপতি সচদেৱে সাক্ষাৎ কৰিব বিধায়কক
আই এন এছৰ তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে বিজয়ী সকলো বিধায়কক সাক্ষাৎ কৰিব । এই সময়ছোৱাত সকলোকে অভিনন্দন জনোৱাৰ সমান্তৰালকৈ চৰকাৰ গঠনৰ বিষয়েও আলোচনা হ’ব পাৰে । মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত শনিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদী, জে পি নাড্ডা, অমিত শ্বাহে বিজেপিৰ কাৰ্যালয়ত শপত গ্ৰহণ অনুষ্ঠান আৰু দিল্লীত গঠন হ’বলগীয়া চৰকাৰৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে ।
সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণ সামৰি ভাৰতলৈ উভতি অহাৰ পিছত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ ১৪ ফেব্ৰুৱাৰীৰ নিশা উভতিব প্ৰধানমন্ত্ৰী মোদী । ইয়াৰ পিছতহে দিল্লীত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে । শপতগ্ৰহণ অনুষ্ঠানত এন ডি এৰ নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও এন ডি এ শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীকো আমন্ত্ৰণ জনোৱা হ’ব ।