অসম

assam

ধনৰ বিনিময়ত নিযুক্তি : আটক বিজেপি নেত্ৰী - Cash for Job

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 1:13 PM IST

Cash for Job : ডিগবৈত বিজেপি নেত্ৰীৰ চাকৰিৰ বজাৰ ! ইণ্ডিয়ান অইলত ঠিকাভিত্তিক কাম দিয়াৰ নামত ধন সংগ্ৰহ কৰি আটক নেত্ৰীগৰাকী । আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Cash for Job
ধনৰ বিনিময়ত নিযুক্তি;আটক বিজেপি নেত্ৰী (ETV Bharat)

তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ :ট্ৰেডিঙৰ বিষয়ক লৈ ৰাজ্যজুৰি তীব্ৰ উত্তেজনা অব্যাহত আছে । ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে । প্ৰৱঞ্চনা চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযানো অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ৰাজ্যত আন এক প্ৰৱঞ্চনাৰ ঘটনা । চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাইছিল এগৰাকী মহিলাই । অৱশেষত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত মহিলাগৰাকীক ।

ধনৰ বিনিময়ত নিযুক্তি;আটক বিজেপি নেত্ৰী (ETV Bharat)
  • বিজেপি নেত্ৰীক আটক

আটকাধীন মহিলাগৰাকী গগৈ উপাধিৰ বুলি জানিব পৰা গৈছে । আনহাতে তেওঁ বিজেপি দলৰ এগৰাকী সক্ৰিয় নেত্ৰী ! বুধবাৰে ডিগবৈ আৰক্ষীয়ে অভিযান চলাই আটক কৰে বিজেপি নেত্ৰীগৰাকীক । অভিযোগ অনুসৰি ডিগবৈৰ ইণ্ডিয়ান অইলত ঠিকাভিত্তিক কাম দিয়াৰ নামত এজন লোকৰ পৰা ১ লাখৰো অধিক ধন লৈছিল বিজেপি নেত্ৰীগৰাকীয়ে ।

অৱশ্যে ধন দিয়াৰ পিচতো চাকৰি নোপোৱাত আৰক্ষীৰ ওচৰত অভিযোগ কৰে মান সিং নামৰ যুৱকজনে । ভুক্তভোগী সিঙৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে বিজেপি নেত্ৰীগৰাকীক আটক কৰে ।

  • চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ

যুৱকজনে উল্লেখ কৰা মতে তেওঁ বিজেপি নেত্ৰীগৰাকীৰ অস্থায়ী গাড়ী চালক । এদিন গাড়ী চলাই গৈ থকাৰ সময়তে বিজেপি নেত্ৰীগৰাকীয়ে তেওঁক ইণ্ডিয়ান অইলত ঠিকাভিত্তিক কাম দিয়াৰ প্ৰলোভন দিছিল । প্ৰথম অৱস্থাত ধন দিবলৈ অমান্তি হৈছিল যদিও পৰৱৰ্তী সময়ত যুৱকজনে অনলাইন আৰু নগদ হিচাপে ১ লাখৰো অধিক ধন দিছিল । কেইবাটাও কিস্তিত ধনখিনি দিয়া হৈছিল । কিন্তু ধনখিনি পোৱাৰ পিচত বিজেপি নেত্ৰীগৰাকীয়ে চাকৰি দিব নোৱাৰাত যুৱকজনে আৰক্ষীৰ কাষ চাপে । এতিয়া যুৱকজনে ন্যায় বিচাৰিছে ।

উল্লেখ্য যে, সাংসদ ৰামেশ্বৰ তেলী, ডিগবৈৰ বিধায়ক সুৰেন ফুকনসহ শাসকীয় দলৰ বহু নেতা-মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে মহিলাগৰাকীৰ । আনকি তেওঁ বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা । পূৰ্বেও মহিলাগৰাকীৰ বিৰুদ্ধে চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ আছে ।

সম্প্ৰতি আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে । এই নিযুক্তি কেলেংকাৰীত আৰু কোনো শীৰ্ষ বিজেপি নেতা জড়িত আছে নেকি ? বিভিন্নজনৰ মনত এতিয়া এই প্ৰশ্ন উদয় হৈছে । অৱশ্যে আৰক্ষীৰ তদন্তত হে সকলো তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশাল ফুকনৰ সকলো সম্পত্তি জব্দ কৰাৰ সম্ভাৱনা - Bishal Phukan Trading Scam

ABOUT THE AUTHOR

...view details