সোণাৰি, ২০ ছেপ্টেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰিত বিজেপি নেতাৰ চৰম সিদ্ধান্ত । সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকাই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ৰজাপুখুৰী পঞ্চায়তৰ সমীপতে থকা ৰাজহুৱা প্ৰেক্ষাগৃহত দেৱজিত হাজৰিকাই চিপজৰী লৈ আত্মহত্য়া কৰে ।
কি কাৰণে এই ঘটনা পঞ্চায়তৰ সভাপতিজনে সংঘটিত কৰিলে সেই কথা জানিব পৰা হোৱা নাই যদিও দেৱজিত হাজৰিকাৰ আত্মহত্যাৰ বাবে পত্নীয়ে দোষ ঠেলিলে দুটা সংবাদ মাধ্যমলৈ । ইয়াৰ পিচতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
মৃত ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকা চৰাইদেউ জিলা বিজেপিৰ এজন অতি সক্ৰিয় নেতা আছিল । ইতিমধ্যে পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে যদিও বিগত কেইটামান মাহৰ পৰা পঞ্চায়তৰ কিছু আঁচনিৰ কামক লৈ ৰাজ্যত এটা আগশাৰীৰ টেলিভিচন চেনেল আৰু এটা প'ৰ্টেল চেনেলে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰিছিল ।
ইয়াৰ পিচতেই জিলা আয়ুক্তই এই সন্দৰ্ভত তদন্ত কৰে । তদন্তৰ কোনো ধৰণৰ ফলাফল লাভ কৰা নাছিল পঞ্চায়ত সভাপতিজনে। কিন্তু ইয়াৰ পাচতো বাতৰি সম্প্ৰচাৰিত কৰাৰ অভিযোগ পঞ্চায়তৰ সভাপতিজনৰ পত্নীৰ । এই ঘটনাটোৰ পাচতে ঘটনাস্থলীত পত্নীয়ে কান্দি কান্দি সকলো কথা বিৱৰি কৈছে সংবাদ মাধ্যমত ।