অসম

assam

ETV Bharat / state

কুঁহিয়াৰ খেতিৰে বছৰি লক্ষাধিৰ টকা উপাৰ্জন - SELF RELIANT FARMER

বজাৰত গুৰৰ মূল্যৰ ৮০ পৰা ১০০ টকা হৈছে যদিও প্ৰকৃততে কৃষকে ২৫/৩০ টকাহে লাভ কৰে । তথাপি খেতি কৰিবলৈ এৰা নাই কৃষকে ।

selfreliant through sugarcane farming
কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী যুৱক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 7:44 AM IST

বিশ্বনাথ : 'পথাৰো আমাৰ, বজাৰো আমাৰ' শ্লোগানক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্য়ৰে আগুৱাইছে বিশ্বনাথৰ এজন উদ্যমী যুৱকে । বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ শোলমাৰী গেলাপুখুৰী গাঁৱৰ যুৱক সন্তোষ কইৰিয়ে কেইবা জাতৰ কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হোৱা কাৰ্যই নিবনুৱা যুৱকসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । চৰকাৰী সাহাৰ্য অবিহনেই প্ৰায় ৮ বিঘা ভূমিত বিভিন্ন জাতৰ কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হৈছে সন্তোষ কইৰিয়ে ।

নিজৰ পিতৃভূমিতে কৃষিকৰ্মৰে নীৰৱে অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তোলা সন্তোষ কইৰি এতিয়া বহু নিবনুৱাৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে । উদ্যমী যুৱকজনে প্ৰতিকূল পৰিস্থিতিকো নেওচি কেইবা বছৰ ধৰি কুঁহিয়াৰ খেতি কৰি এতিয়া বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । এই যুৱকজনে লগতে স্থানীয় ১০ পৰা ২০জন লোকক সংস্থাপন দি আহিছে ।

কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী যুৱক (ETV Bharat Assam)

এতিয়া তিনি গুণ টকা ব্য়য় হয় খেতিত :

পূৰ্বৰে পৰা কুঁহিয়াৰ খেতিৰ লগত জড়িত সন্তোষ কইৰিয়ে ১০ বছৰ আগতে ১৫/২০ বিঘা ভূমিত খেতি কৰিছিল যদিও বৰ্তমান ৭/৮ বিঘা মাটিহে কুঁহিয়াৰ খেতি কৰা বুলি উল্লেখ কৰে । এই প্ৰসংগত খেতিয়কজনে কয়," পূৰ্বে ৪০/৩০ বিঘাৰ কুঁহিয়াৰ খেতি কৰাৰ সময়ত যিমান টকা খৰছ হৈছিল এতিয়া তাৰ তিনি গুণ টকা ব্য়য় হয় । পূৰ্বৰ তুলনাত বৰ্তমান শ্ৰমিকৰ দৈনিক হাজিৰা বৃদ্ধি পাইছে । তদুপৰি ৰাসায়নিক সাৰৰ লগতে ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ ফলত পূৰ্বৰ তুলনাত এতিয়া কম মাটিত খেতি কৰিব লগা হৈছে ।"

আনহাতে, কুঁহিয়াৰ খেতি কৰাৰ ক্ষেত্ৰত জিলা কৃষি বিভাগৰ সহায়-সহযোগিতা কেনেকুৱা বুলি প্ৰশ্ন কৰাত কৃষকজনে কয়," জিলা কৃষি বিভাগৰ কোনো এজন বিষয়া আজিলৈকে আমাৰ কৃষিভূমিত উপস্থিত হোৱা নাই । লগতে চৰকাৰী ভাৱেও কোনো সহায়-সহযোগিতা লাভ নাই । "

প্ৰকৃত মূল্য় নাপায় কৃষকে :

গুড়ৰ উচিত মূল্য লাভ কৰা প্ৰসংগত তেওঁ কয়, "আজিলৈকে আমাৰ কুঁহিয়াৰৰ পৰা উৎপাদন হোৱা গুৰৰ উচিত মূল্য দিয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । ৰাজ্য চৰকাৰে যিদৰে ধান, সৰিয়হৰ নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰিছে সেইদৰে আমি উৎপাদন কৰা গুড়ৰ নিদিষ্ট মূল্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছো ।" আনহাতে, বৰ্তমান বজাৰত গুৰৰ মূল্যৰ ৮০ পৰা ১০০ টকা হৈছে যদিও প্ৰকৃততে কৃষকে ২৫/৩০ টকাহে লাভ কৰে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে । ইমান প্ৰত্য়াহ্বানৰ পিচতো পূৰ্বৰে পৰা কৰি অহা কুঁহিয়াৰ খেতিৰ মোহ তেওঁ ত্য়াগ কৰিব পৰা নাই বুলি উল্লেখ কৰে ।

লগতে পঢ়ক:এদিন অসম এৰি গুচি গৈছিল বিৰিণাবাৰীৰ ৰণজিৎ কলিতাও... আৰু আজি ? - JUJUBE CULTIVATION

বুঢ়ীদিহিঙৰ চাপৰিত সেউজ বিপ্লৱ অৱসৰপ্ৰাপ্ত শিক্ষকৰ - GREEN REVOLUTION AT KHUWANG

ABOUT THE AUTHOR

...view details