অসম

assam

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন, নিশা 12 বজাৰ পৰাই দিছপুৰৰ ঘৰত সহস্ৰাধিক শুভাকাংক্ষী

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 7:21 AM IST

Updated : Feb 1, 2024, 7:31 AM IST

Assam CM Himanta Biswa Sarma Birthday :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন ৷ উৎসৱমূখৰ পৰিৱেশ বিৰাজ কৰিছে দিছপুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত ৷ সহস্ৰাধিক শুভাকাংক্ষী আৰু অনুগামীয়ে নিশা 12 বজাৰ লগে লগে শুভেচ্ছাৰে ওপচাই দিয়ে মুখ্যমন্ত্ৰীগৰাকীক ৷

Birthday Celebration of  Assam CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন

নিশা 12 বজাত দিছপুৰৰ বাসগৃহত শুভাকাংক্ষীৰ মাজত মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী :ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন ৷ আজি 55 বছৰ বয়সত ভৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 1969 চনৰ 1 ফ্ৰেব্ৰুৱাৰীত যোৰহাটত জন্মগ্ৰহণ কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ জন্মদিন উপলক্ষে মঙলবাৰৰ বিয়লিৰ পৰাই দিছপুৰস্থ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত দেখা গৈছিল অভূতপূৰ্ব আয়োজন ৷ মুখ্যমন্ত্ৰী চৰকাৰী আৱাসৰ কেউদিশে বিশাল ৰভা তৰি এই জন্মদিনৰ আয়োজন কৰা হৈছিল ৷ আনহাতে, বিগত দুদিন ধৰি দিল্লীত ব্যস্ত হৈ থকা মুখ্যমন্ত্ৰী ড৹ শৰ্মা বুধবাৰে বিয়লিৰ ভাগত আহি উপস্থিত হয় গুৱাহাটীত ৷

গুৱাহাটীত ভৰি দিয়েই বুধবাৰে সন্ধিয়া দিছপুৰত এখন কেবিনেট বৈঠকত ভাগ লয় মুখ্যমন্ত্ৰীয়ে ৷ তাৰ পিচতে নিশাৰ ভাগলৈ এজন দুজনকৈ শুভাকাংক্ষীৰ আগমন ঘটা পৰিলক্ষিত হয় মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ৷ নিশা ঠিক 12 বজাৰ লগে লগে এক উৎসৱমূখৰ পৰিৱেশ বিৰাজ কৰে দিছপুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত ৷ সহস্ৰাধিক শুভাকাংক্ষী আৰু অনুগামীয়ে নিশা 12 বজাৰ লগে লগে শুভেচ্ছাৰে ওপচাই দিয়ে মুখ্যমন্ত্ৰীগৰাকীক ৷

নিশা 12 বজাত দিছপুৰৰ বাসগৃহত শুভাকাংক্ষীৰ মাজত মুখ্যমন্ত্ৰী

ফুলৰ টোৰা, গামোচা, শৰাই আদিৰে হাজাৰজনে যোৱা নিশা 12 বজাত জন্মদিনৰ শুভেচ্ছা আৰু ওলগ যাচে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ দলীয় কৰ্মী-সতীৰ্থ, নিজা সমষ্টি জালুকবাৰীৰ পৰা অহা অগণন শুভাকাংক্ষী আৰু অনুগামীৰ উপৰিও কেইবাগৰাকীও বিজেপি বিধায়ক আৰু মন্ত্ৰীক যোৱা নিশা 12 বজাত দেখা পোৱা যায় মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ৷ এজন এজনকৈ সকলোৱে ওপজা দিনৰ ওলগ যাচে তেওঁক ৷ মধ্য নিশাৰ পৰা আৰম্ভ হোৱা জন্মদিনৰ এই শুভেচ্ছাপৰ্ব অব্যাহত থাকে পুৱতি নিশা পৰ্যন্ত ৷ কেবল এয়াই নহয়, সামাজিক মাধ্যমো ভৰি পৰে নানাজনৰ শুভেচ্ছাবাণীৰে ৷ নিশা 12 বজাৰ লগে লগে মন্ত্ৰী, বিধায়ককে ধৰি বিজেপিৰ বিভিন্ন নেতা আৰু বহু বিশিষ্ট ব্যক্তিয়ে নিজা নিজা X হেণ্ডেলত জন্মদিনৰ শুভেচ্ছাৰে উপচাই দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

লগতে পঢ়ক: কলাগুৰুৰ ওপজা দিনত গুৱাহাটী প্ৰেছ ক্লাৱত তিনিটাকৈ গীতৰ দৃশ্যশ্ৰব্য মুকলি

Last Updated : Feb 1, 2024, 7:31 AM IST

ABOUT THE AUTHOR

...view details