ETV Bharat / state

পিতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই কন্যা - Daughter injured in Father attack

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 9:27 PM IST

Father attack daughter: পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত দুই কন্যা । পত্নীৰ লগত হোৱা গৃহকন্দলৰ পৰিণতিতে দুই কন্যাক চোকা দাৰে আক্ৰমণ কৰে পিতৃ প্ৰদীপ মেছে ৷ বোকাখাতৰ আৰোগ্য চিকিৎসালয়ত চিকিৎসাধীন দুই কন্যা ৷ স্বামীৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল পত্নীৰ ।

Father attack daughter
পিতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই কন্যা (ETV Bharat Assam)

সৰুপথাৰ ৭ ছেপ্টেম্বৰ: গোলাঘাট জিলাৰ সৰুপথাৰৰ চুঙাজান 2নং মৰাজন গাঁৱত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা ৷ নিজৰ দুজনীকৈ কন্যাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে জন্মজাত পিতৃয়ে । পিতৃৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই কন্যা ক্ৰমে প্ৰিঞ্চি অনন্যা মেছ আৰু প্ৰিয়ান্সী মেছ । গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী প্ৰিঞ্চি অনন্যা মেছ আৰু অঞ্জলী বৰবৰা একাডেমিৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী প্ৰিয়ান্সী মেছ ৷

কেনেকৈ সংঘটিত হ’ল এই ঘটনা:

গৃহকন্দলৰ পৰিণতিতেই শোকাবহ ঘটনাটো সংঘটিত হয় ৷ পত্নী অজন্তা মেছৰ সৈতে হোৱা পাৰিবাৰিক কন্দলৰ পৰিণতিতেই নিজ দুই কন্যাক চোকা দাৰে আঘাত হানে প্ৰদীপ মেছ নামৰ লোকজনে ৷ পিতৃৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুই কন্যা ৷ লগে লগে দুয়োকে বোকাজানৰ আৰোগ্য হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

সৰুপথাৰ থানাত এজাহাৰ দাখিল পত্নীৰ:

জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা ৷ ইয়াৰ পাছতেই ঘটনাৰ সন্দৰ্ভত সৰুপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে প্ৰদীৰ মেছৰ পত্নী অজন্তা মেছে । অভিযুক্ত প্ৰদীপ মেছক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও ঘটনা সংঘটিত কৰা ১২ঘণ্টা হোৱাৰ পিছতো আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই প্ৰদীপ মেছক ।

পিতৃৰ অত্যাচাৰৰ বাবেই ককাক-আইতাকৰ ঘৰত আশ্ৰয় লৈছিল দুই কন্যাসহ মাতৃয়ে

প্ৰদীপ মেছৰ মানসিক অশান্তিৰ কাৰণেই আইতাক-ককাকৰ ঘৰত আশ্ৰয় লৈছিল দুই কন্যাসহ মাতৃয়ে । শুকুৰবাৰে কিতাপ-পত্ৰ আনিবলৈ পিতৃৰ ঘৰলৈ গৈছিল মাতৃসহ দুই কন্যা ৷ কিন্তু পিতৃগৃহত উপস্থিত হোৱাৰ পাছতেই মাতৃৰ লগত দুই কন্যাৰ ওপৰত শাৰিৰীক-মানসিক অত্যাচাৰ চলাইছিল পিতৃ প্ৰদীপ মেছে ।

লগতে পঢ়ক: হাস্পতালত আক্ৰমণ দুবৃৰ্ত্তৰ; বৰ্তমান পৰ্যন্ত মৃত্যু 10 জনৰ - China hospital attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.