টিংখাং,৩১ মাৰ্চ:তুংগত উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ । সমানে অব্যাহত আছে দল বাগৰা ৰাজনীতি । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এজনৰ পাছত আন এজন কংগ্ৰেছ নেতাই দল এৰি যোগদান কৰিছে শাসকীয় দল বিজেপিত । যি সময়ত সমগ্ৰ দেশতে বিজেপি আগ্ৰাসী ৰূপত আগবাঢ়িছে তেনে সময়ত জ্যেষ্ঠ নেতাৰ দল ত্যাগে কংগ্ৰেছ দলটো বিপৰ্যস্ত কৰি তুলিছে । ইয়াৰ মাজতে শনিবাৰে APCC ৰ সাধাৰণ সম্পাদক মানস বৰাই এৰিলে কংগ্ৰেছ ।
APCC ৰ সাধাৰণ সম্পাদক মানস বৰাৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী বিমল বড়াই । পাপৰ প্ৰায়চিত্ত কৰিবলৈ সকলোৱে কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । টিংখাঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই । তেওঁ লগতে কয় যে এখন ৰাষ্ট্ৰৰ প্ৰতি এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰাৰ পাছত যেনেধৰণে সেৱা আগবঢ়াব লাগে এই ক্ষেত্ৰত কংগ্ৰেছ দল সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল ।