গুৱাহাটী, 5 আগষ্ট: ‘‘কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মা নহয় গোটেই বিজেপি আৰু আৰ এছ এছকো ভয় নকৰে । কংগ্ৰেছ যদি ভয় কৰে অসমৰ ৰাইজক কৰে । দুৰ্নীতিৰ সকলো তথ্য ৰাইজৰ আগত ডাঙি ধৰা হ'ব । পগলা কুকুৰে কামোৰা বেজি প্ৰয়োজন হ'লে কংগ্ৰেছে নিজে গোটাই ল'ব ৷" - দেওবাৰে এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিজেপি দল ত্যাগ কৰাসকলক উদ্দেশ্যি কৈছিল, "কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰীক জোকাই নল'ব, নহ'লে কথা বিষম হ'ব । ৰাজীৱ ভৱনলৈ যিমানেই হিন্দুক বিশ্বাস কৰা মানুহ যায় সিমানেই আমাৰ কাৰণে বিজয় বুলি অনুভৱ কৰিম ৷" মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰত দেওবাৰে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন বৰাই ।
দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ পগলা কুকুৰক জোকাই নল'ব বুলি কংগ্ৰেছক সকিয়নী প্ৰদান কৰিছিল । যিমানে জোকাব তাতকৈ বেছিকৈ জোঁকাৰি যাম বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰিছিল ।
মুখ্যমন্ত্রীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত ভূপেন বৰাই পুনৰ কয়, "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ডিঙিৰ শিৰ ফুলাই কংগ্ৰেছক ধমকি দিয়াৰ চেষ্টা কৰিছে । ক্ষমতাৰ ৰাগীত অন্ধ হৈ নিজকে বলিয়া কুকুৰ বুলি ক'বলৈও অলপো কুণ্ঠাবোধ কৰা নাই । এটা সভ্য, সংস্কৃতিবান জাতিৰ গণতান্ত্ৰিকভাবে নিৰ্বাচিত এজন মুখ্যমন্ত্রীয়ে নিজকে বলিয়া কুকুৰৰ সৈতে তুলনা কৰাটো সমগ্ৰ জাতীয় সত্বাৰ বাবে চিন্তাৰ বিষয় । আমি কংগ্ৰেছ দলৰ পৰা অসমৰ স্বাস্থ্য আয়ুক্তক আহ্বান জনাও যে অসমৰ প্ৰত্যেকখন হাস্পতালত বলিয়া কুকুৰে কামোৰিলে প্ৰয়োজন হোৱা বেজি সহজলভ্য কৰক ।"