অসম

assam

ETV Bharat / state

প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি দীঘলীপুখুৰীৰ পাৰত জ্বলিল ১০ হাজাৰ গছি বন্তি - BHUPEN HAZARIKA DEATH ANNIVERSARY

ভূপেন দা বিহীনভাৱে অসমবাসীয়ে অতিক্ৰম কৰিলে সুদীৰ্ঘ ১৩ টা বছৰ । বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত সমগ্ৰ ৰাজ্যজুৰি স্মৰণ ।

Bhupen Hazarika's death anniversary observed on Dighalipukhuri bank
দীঘলীপুখুৰী পাৰত ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 8:53 PM IST

Updated : Nov 5, 2024, 10:37 PM IST

গুৱাহাটী: আজি সুধাকণ্ঠ, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ সংখ্যক মৃত্যু বাৰ্ষিকী । আজিৰ পৰা ১৩ বছৰ পূৰ্বে আজিৰ দিনটোতেই মুম্বাইস্থিত কোকিলাবেন হাস্পতালৰ পৰা আহিছিল অসমবাসীৰ বাবে সেই অনাকাংখিত খবৰটো । অসমী আইৰ বুকু সুদা কৰি চিৰদিনৰ বাবে মেলানি মাগিছিল সকলোৰে মৰমৰ ভূপেন দাই । বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত আজি সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰা হয় শিল্পীগৰাকীক ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মঙলবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত আয়োজন কৰা হয় প্ৰাণৰো প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । দিনজোৰা কাৰ্যসূচীৰ অন্তত দীঘলীপুখুৰীত সুধাকণ্ঠক স্মৰণ কৰি সদৌ অসম ছাত্ৰ সন্থাই সন্ধিয়া বিশ্ব বৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই ১০ হাজাৰ বন্তি প্ৰজ্বলন কৰে । উক্ত কাৰ্যসূচীত আছুৰ কৰ্মকৰ্তাসকলৰ লগতে অংশগ্ৰহণ কৰে সাধাৰণ ৰাইজেও ।

প্ৰাণৰ শিল্পীক সুঁৱৰি দীঘলীপুখুৰীত জ্বলিল ১০ হাজাৰ বন্তি (ETV Bharat Assam)

আনহাতে, জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধিস্থলীত ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে বিত্ত মন্ত্ৰী অজন্তা নেওগ, সাংসদ বিজুলী কলিতা মেধি, প্ৰাক্তন সাংসদ কুইন ওজা, বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস সহিতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

ইফালে দিনৰভাগত মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন সদৌ অসম ছাত্ৰ সন্থাৰ । উক্ত অনুষ্ঠানত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ সন্মুখত কয়,"ভূপেন দাই নিজ হাতেৰে উন্মোচন কৰা এইটো মূৰ্তি আৰু তাতেই আহি আজি আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ । ভূপেন হাজৰিকা অসমৰ জাতীয়-জীৱনৰ সদায় আত্মা হৈ ৰ'ব ।"

তেওঁ লগতে কয়,"এতিয়া ভূপেন দাৰ সৃষ্টিৰাজিক লৈ সমগ্র অসমৰ চুকে-কোনে গাঁৱে-ভূঁৱে, চহৰে-নগৰে বিভিন্নজনে বিভিন্ন কাম কৰি আছে । ভূপেন দাৰ গীতক বড়ো ভাষালৈ অনুবাদ কৰিব পাৰি নেকি সেই সম্পর্কত ব্যৱস্থা ল'বলৈ আগবাঢ়িবলৈ আমাৰ হেঁপাহ আছে ৷ নিখিল বড়ো ছাত্র সন্থাৰ লগত আমি এই সন্দৰ্ভত কথা-বতৰা অব্যাহত ৰাখিছো ।"

লগতে পঢ়ক:ত্ৰয়োদশ মৃত্যু দিনত সুধাকণ্ঠক স্মৰণ অসমীয়াৰ; সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত জ্বলিব ১০ হাজাৰ বন্তি

সুধাকণ্ঠ বিহীন 13 টা বছৰ

Last Updated : Nov 5, 2024, 10:37 PM IST

ABOUT THE AUTHOR

...view details