গুৱাহাটী, ১ জুলাই: ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎকৰণে বাল্যবিবাহ ৰোধ কৰাত অসম চৰকাৰক অধিক শক্তিশালী কৰিব ৷ বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎকৰণে চৰকাৰক অধিক বল দিব । দিছপুৰত আজি এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ।
তেওঁ কয় যে ভাৰতৰ অপৰাধমূলক ন্যায় ব্যৱস্থাৰ বাবে আজি এক বিশেষ দিন । ১৬৪ বছৰীয়া ঔপনিৱেশিক আইনী ব্যৱস্থা আঁতৰাই ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎ হৈছে । ইয়াৰ লগে লগে আমাৰ গণৰাজ্যই আধুনিক প্ৰযুক্তি আৰু নাগৰিককেন্দ্ৰিক সেৱাৰ ওপৰত আধাৰিত এক নতুন ব্যৱস্থাত প্ৰৱেশ কৰিছে । এই আইনসমূহে মহিলা, শিশু আৰু বঞ্চিতজনৰ সুৰক্ষাক সৰ্বোচ্চ প্ৰাধান্য প্ৰদান কৰিব ।
লগতে পঢ়ক:নতুন আইনৰ অধীনত ছত্তীশগড়ত প্ৰথমখন এজাহাৰ দাখিল নিশা ১২.৩০ বজাত - New Criminal Code in India
তেওঁ জনায় যে নগাঁও সদৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত প্ৰথমটো গোচৰ আজি ৰুজু কৰিছে । এই নতুন আইন সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ১১৫ জন আৰক্ষীক মাষ্টাৰ ট্ৰেনাইৰ হিচাপে প্ৰশিক্ষণ দিয়া হৈছে । পাঁচটা ফৰেনছিক লেব স্থাপন কৰা হৈছে । ৫০০ জন আৰক্ষীক প্ৰশিক্ষণ দিয়া হৈছে ।
ভাৰতীয় ন্যায় সংহিতাৰ এটা ধাৰা গুৰুত্বপূৰ্ণ । এই ধাৰা মতে বাল্যবিবাহৰ ক্ষেত্ৰত ১৮ বছৰ তলৰ হ'লে যৌন সম্পৰ্ক কৰিব নোৱাৰিব । যদি কৰে এয়া ধৰ্ষণৰ দৰে অপৰাধৰ লগত গণ্য কৰা হ'ব । গতিকে বাল্যবিবাহৰ ক্ষেত্ৰত চৰকাৰে যুঁজ দিয়াৰ বাবে সহজ হ’ব ।
লগতে পঢ়ক:ফোনতেই অসমৰ বানৰ বুজ ল’লে মোদী-শ্বাহে : সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীক - Flood In Assam