জোনাই, ২ ফ্ৰেব্ৰুৱাৰী :মণিকাঞ্চন শিল্পী সমাজ, বৃহত্তৰ চিলাপথাৰবাসী ৰাইজৰ সহযোগত আৰু বালিজান মহাপুৰুষীয়া সত্ৰ সমাজৰ আতিথ্যত বৃহস্পতিবাৰৰে পৰা ৮ ফেব্ৰুৱাৰীলৈ আঠদিনীয়াকৈ বালিজান বৰনামঘৰৰ বাকৰিত আৰম্ভ হৈছে তৃতীয় ত্ৰি-বাৰ্ষিক অসম ভিত্তিত ভাওনা সমাৰোহ । বৃহস্পতিবাৰে পুৱা ৪:৩০ বজাত বালিজান বৰ নামঘৰৰ নামাচাৰ্য বিমান বড়াই প্ৰাতঃপ্ৰসংগ আগবঢ়াৱাৰ লগতে পুৱা ৬ বজাত চৌহদ চাফাই কৰে নামঘৰৰ সেৱক সকলে ।
পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ সভাপতি অনিল শৰ্মাই । পুৱা ৮ বজাত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ সম্পাদক লোকনাথ বৰদলৈয়ে । সুসজ্জিত বাহনত উলিওৱা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাত অগণন ভক্ত, আই-মাতৃ, সাংস্কৃতিক দলসমূহৰ লগতে দিহা নামৰ সম্ৰাজ্ঞী অমিয়া নেওগ কলিতাই অংশগ্ৰহণ কৰে ।
পুৱা ৯ বজাত বালিজান মহাপুৰুষীয়া সত্ৰ সমাজৰ বৰদেউৰী প্ৰণৱ দত্তই শৰাই অৰ্পন কৰে । নাম-প্ৰসংগ আগবঢ়াই নামাচাৰ্য ৩ নং বেতনিপামৰ সুৰেণ গগৈয়ে । দিনৰ ১১ বজাত ভাগৱত পাঠ কৰা হয় । ১ বজাত দিহানাম কণ্ঠ কস্তুৰী-দিহানাম ৰত্নগৰ্ভা অমিয়া নেওগে তেওঁৰ সহযোগীসকলৰ সৈতে পৰিৱেশন কৰা গুৰুজনাৰ সৃষ্টি ৰাজি দিহানাম পৰিৱেশনে দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হয় চৌদিশ । দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ অন্ততঃ সন্ধিয়া ৭ বজাত উদযাপন সমিতিয়ে সম্পাদনা কৰা 'আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা' উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গকুল শইকীয়াই ।