আমগুৰি,৩ অক্টোবৰ:মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য সৃষ্টি ভাওনা । সাম্প্ৰতিক সময়ত এই ভাওনা কেৱল পুৰুষৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই । পুৰুষৰ সমানে সমানে নাৰীয়েও গুৰুজনাৰ সৃষ্টিৰাজিক আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিশেষকৈ নৱপ্ৰজন্মৰ শিক্ষিত মহিলা তথা যুৱতীসকলে শংকৰ-মাধৱৰ সৃষ্টিৰাজিক পৰিশিলিত ৰূপত আগবঢ়াই নিবৰ কাৰণে প্ৰয়াস কৰিছে ।
গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাক আৰু এখোজ আগুৱাই নিবলৈ আকাশীগংগা মহিলা দলে বিভিন্ন স্থানত প্ৰদৰ্শন কৰি আহিছে । আকাশীগংগা মহিলা সমাজত ৩৫ গৰাকী মহিলা জড়িত হৈ আছে । আমগুৰি, চাৰিং খনিকৰ, বছাশয়ক ডিব্ৰুৱাল, দেওৰজা, নামতিপুল, দিখৌমুখ, বেলিমুখীয়া আদি অঞ্চলৰ মহিলাই আকাশীগংগা মহিলা সমাজ সৃষ্টি কৰি ৰাজ্যৰ বিভিন্ন স্থানত ভাওনাত অভিনয় কৰি আহিছে ।
২০২৩ চনত ছেপ্টেম্বৰ মাহত গঠন কৰা ভাওনাৰ দলটিয়ে নামতিপুলত 'দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ' ভাওনা প্ৰদৰ্শন কৰাৰ লগতে গৌৰীসাগৰত 'শকুনিৰ প্ৰতিশোধ' ভাওনা প্ৰদৰ্শন কৰিছে । ভাওনা দলটিৰ যুৱতী আৰু বোৱাৰীসকলে বিভিন্ন চৰিত্ৰত অভিনয় কৰি হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰাৰ লগতে বিপুল হৰ্ষধ্বনি লাভ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ আকাশীগংগা মহিলা সমাজে শিৱসাগৰৰ গৌৰীসাগৰত 'শকুনিৰ প্ৰতিশোধ' ভাওনা প্ৰদৰ্শন কৰে ।