কলিয়াবৰ, 23 ফেব্ৰুৱাৰী:এতিয়া ফাগুন মাহ ৷ ছাইৰঙী আকাশত শিমলুৰ ৰঙে ফাকু ছটিয়াইছে ৷ বহুতেই ফাগুনক উদাস বা শুকান বুলি ক’লেও আন বহুতেই ফাগুনত বিচাৰি পায় সৃষ্টিৰ সোপান ৷ সুধাকণ্ঠই গাইছিল ‘‘পলাশৰে ৰং কোনেনো সানিলে এই মিঠা সেউজ বননিত’’ ৷ জয়ন্ত হাজৰিকাৰ গীততো আছিল ফাগুনৰ বন্দনা, ’মোৰ ফাগুন আছেহি আহি ৰৈ তোমাৰ কথাকে ক’বলৈ ৷’’ নৱ সৃষ্টিৰ অৱকাশ দিয়ে ফাগুনে...
ফাগুনক লৈ কত যে গীত, কত কবিতা, গল্প...৷ কাৰোবাৰ বাবে ফাগুন আমনি দায়ক, আন কাৰোবাৰ বাবে প্ৰেৰণাৰ উৎস...৷ নতুন আশাৰ মেটমৰা সম্ভাৰেৰে পূৰ্ণ ফাগুন ৷ ফাগুনৰ আছে নিজস্ব স্বৰলিপি ৷
শুকান ধূলিয়ৰি বাটে আকাশৰ শুভ্ৰ ডাৱৰৰ ফালে আশাৰে দূৰ চকুৰে চায়, পাৰা যদি যোৱা বৰষি, মনৰ হাবিয়াস পূৰাই ব’হাগৰ বতৰা হৈ । বসন্তৰ বতৰা লৈ ফাগুনৰ আকাশত ডাৱৰৰ ক’লা ৰং সানি আশাৰ এজাক বৰষুণৰ হৈ পৰে । বৰষুণ জাকে জীপাল কৰা ধৰাৰ বতৰাত গীতিকবিয়ে বিচাৰি পাইছে আধা কোৱা গোপন বেথা ।
বৰষুণে ধুই নিয়া পাতে-পাতে পতা কথাত কাৰোবাৰ হৃদয়ৰ বীণখনিৰ কৰুণ সুৰৰ প্ৰতিধ্বনি শুনিছে । অনামী কবিয়ে লিখিছে-
‘‘ ৰিমঝিম ফাগুনৰ বলিয়া বৰষুণ
এই আহানা বৰষুণত তিতোঁ