বঙাইগাঁও,১৮ আগষ্ট: ৰাজ্যত অপৰাধ তথা দুৰ্নীতি নিৰ্মূলৰ বাবে বৰ্তমানো অব্যাহত আছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । এইবাৰ অভয়াপুৰীত চলিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । চাকৰিৰ ৬ মাহ পিচতেই হাত দাঙিলে প্ৰশাসনিক বিষয়াই । ১৬০০০ টকা উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ।
ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা দুই বিষয়া BDO খুৰছিদা খানম আৰু সহকাৰী BDO নেকিব আহমেদ । বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলাই খণ্ড উন্নয়ন বিষয়া খুৰছিদা খানম আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া নেকিব আহমেদক হাতে লোটে গ্ৰেপ্তাৰ কৰে । নিশা ১২ বজালৈ সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অভিযান চলালে দুৰ্নীতি নিবাৰক শাখাই ।
ইফালে খণ্ড উন্নয়ন বিষয়া খুৰছিদা খানমৰ অভয়াপুৰী টেংনামাৰীত থকা ভাড়া ঘৰত নিশা ১ বজালৈ চলে অভিযান । অভয়াপুৰী চহৰৰ বিপুল কলিতা নামৰ লোকজনে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযোগ কৰাৰ পিচতে চলাই এই অভিযান । অভিযোগ অনুসৰি এটা কামৰ বিলৰ ৫০ লাখ টকা আদায় দিয়াৰ নামত বিলৰ বিপৰীতে খণ্ড উন্নয়ন বিষয়া খুৰছিদা খানমৰ অফিচ চেম্বাৰত উৎকোচ হিচাপে ১৬,০০০/- টকা লোৱাৰ সময়তেই ২ বিষয়া অৰ্থাৎ খুৰছিদা খানম আৰু নেকিব আহমেদক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো ।