অসম

assam

ETV Bharat / state

আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগত অসমীয়াই উৰুৱালে গামোচা - Uhuru Peak Mount - UHURU PEAK MOUNT

Barpeta youth scales Uhuru Peak : টাঞ্জানিয়াৰ উহুৰু শৃংগ আৰোহন কৰি গৌৰৱ কঢ়িয়াই আনিলে বৰপেটাৰ শান্তনু প্ৰতীম লহকৰে ৷ বৰপেটা চহৰৰ ১নং গলিয়া হাটীৰ সীতা ৰাম লহকৰ আৰু হিৰন শইকীয়া লহকৰৰ পুত্ৰ শান্তনু প্ৰতিম লহকৰ।

Mountain climbing by Barpeta youth
টাঞ্জানিয়াৰ উহুৰু শৃংগ আৰোহন বৰপেটাৰ শান্তনু প্ৰতীম লহকৰৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 6:13 PM IST

বৰপেটা, ২৩ জুলাই : আফ্ৰিকা মহাদেশৰ ভিতৰতে সৰ্বোচ্চ উচ্চতাত থকা শৃংগ উহুৰু শৃংগত আৰোহণেৰে বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে বৰপেটা চহৰৰ শান্তনু প্ৰতীম লহকৰে ৷ শান্তনুৰ এই সাফল্যই বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

উল্লেখযোগ্য যে, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সীতাৰাম লহকৰ আৰু বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা বৰপেটা সাহিত্য সভাৰ সভাপতি বিশিষ্ট লেখিকা হিৰণ শইকীয়া লহকৰৰ সন্তান শান্তনু প্ৰতীম লহকৰ ৷ বৰপেটা চহৰৰ ১ নং গলিয়া হাটী নিবাসী শান্তনু প্ৰতীম লহকৰে ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ উৎপাদনকাৰী এম এন চি জি এইচ চি এল লিমিটেডৰ পশ্চিম আৰু দক্ষিণ মণ্ডলৰ মাণ্ডলিক প্ৰৱন্ধক হিচাপে কৰ্মৰত হৈ আছে ৷

মাতৃ হিৰণ শইকীয়া লহকৰে জানিবলৈ দিয়া মতে, শান্তনুৱে যোৱা ১৪ জুলাইত টাঞ্জানিয়াৰ কিলিমাঞ্জাৰো ৰাষ্ট্ৰীয় উদ্যানৰ মাচামে গেটৰ পৰা অভিযান আৰম্ভ কৰে ৷ ৫ দিনৰ হাইকিং আৰু ৪০ কিলোমিটাৰতকৈও অধিক দূৰত্ব আৰু ৪০০০ মিটাৰতকৈও অধিক উচ্চতাৰ মাজেৰে বগাই যোৱাৰ পিচত অৱশেষত ১৯ জুলাইৰ পুৱা ৬.০৫ বজাত কিলিমাঞ্জাৰো পৰ্বতৰ ৫৮৪০ মিটাৰ উচ্চতাত থকা উহুৰু শৃংগৰ শিখৰত উপনীত হয় শান্তনু প্ৰতীম লহকৰ ৷

লগতে পঢ়ক :কাঞ্চনজংঘা জয় দুই অসমীয়াৰ ; উৰিল অসমৰ গামোচা

মন কৰিবলগীয়া যে, কিলিমাঞ্জাৰো পৰ্বত আফ্ৰিকা মহাদেশৰ ভিতৰতে আটাতকৈ ওখ পৰ্বত আৰু বিশ্বৰ আটাইতকৈ ওখ মুক্তভাৱে থিয় হৈ থকা পৰ্বত । শান্তনু প্ৰতীম লহকৰৰ এই অভিযানত টাঞ্জানিয়াৰ ছাইমন উৰিঅ' নামৰ এগৰাকী গাইডৰ লগতে ৬ জনীয়া এটা পৰ্টাৰৰ দলে সহায় সহযোগ কৰিছিল ৷ শান্তনুৰ মাতৃয়ে জানিবলৈ দিয়া মতে, সৰুৰে পৰা পৰ্বতাৰোহণৰ প্ৰতি হাবিয়াস আছিল শান্তনুৰ ৷ সেয়েহে নিয়মিতভাৱে পঢ়া-শুনাৰ কৰাৰ উপৰিও হাবিয়াস পূৰণৰ উদ্দেশ্যে চলাই গৈছিল প্ৰচেষ্টা ৷

পিচলৈ পৰ্বতাৰোহণ সংস্থাৰ সৈতে জড়িত হয় শান্তনু ৷ মুম্বাইত কৰ্মৰত অৱস্থাত থকাৰ সময়তে পৰ্বতাৰোহণৰ অনুশীলন চলাই শান্তনুৱে ৷ ইয়াৰ পিচত তেওঁ ভাৰত আৰু নেপালত বহুতো কঠিন ট্ৰেকিং আৰু হাইকিং সম্পূৰ্ণ কৰে ৷ ২০২২ চনত বিখ্যাত এভাৰেষ্ট শৃংগত আৰোহণ কৰাৰ বাবে বিভিন্ন কৌশল আয়ত্ত কৰে শান্তনুৱে ৷ এই সফলতাৰ পিচত শান্তনুৱে কয় যে, পৰ্বতাৰোহণে মানুহৰ শাৰীৰিক আৰু মানসিক যোগ্যতা বৃদ্ধি কৰে ৷ তেওঁ নৱ প্ৰজন্মক সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ নিয়মিত ব্যায়ামৰ লগতে পৰ্বতাৰোহণৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায় ৷

শান্তনুৰ এই সাফল্যই স্বাভাৱিকতে পিতৃ-মাতৃৰ লগতে বৰপেটাবাসীক উৎফুল্লিত কৰিছে ৷ শান্তনু প্ৰতীমৰ এই কৃতিত্বৰ বাবে বৰপেটা আছু, হিন্দু জাগৰণ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে অভিনন্দন জনাইছে ৷

লগতে পঢ়ক :দুসপ্তাহত তিনিবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ: নেপালী মহিলাই ৰচিলে ইতিহাস

ABOUT THE AUTHOR

...view details