বৰপেটা, ২৩ মাৰ্চঃবৰপেটাৰ প্ৰাণৰ দৌল মহোৎসৱ দুৱাৰডলিত ৷ দেওবাৰৰ পৰা বৰপেটা সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ ৷ এই দৌল মহোৎসৱৰ প্ৰাকক্ষণত সত্ৰনগৰী বৰপেটাত শনিবাৰে 'বৰ্ণিল বসন্ত ' শীৰ্ষক হোলীগীতৰ এক মহা আয়োজন কৰা হয় ৷ বৰপেটা সাংস্কৃতিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোলীগীতৰ এই মহা আয়োজনত অংশগ্ৰহণ কৰে বড়ো, ৰাভা, কোচ ৰাজবংশী, বিহাৰী, মাৰোৱাৰী, বাংলা আদিকে ধৰি বৰপেটাৰ হোলীদল সমূহে ৷
বৰপেটাৰ হোলীগীতৰ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে বৰপেটাৰ সাংস্কৃতিক মঞ্চই বড়ো, ৰাভা, ৰাজস্থানী আদি ভিন্ন ভাষালৈ বৰপেটাৰ হোলীগীত সমূহ ইতিমধ্যে অনুবাদ কৰিছে ৷ আজি এই ভিন্ন ভাষা-ভাষী আৰু জনগোষ্ঠীয় হোলীগীতৰ সুৰত ৰঙীণ হৈ পৰে বৰ্ণিল বসন্তৰ অনুষ্ঠান ৷ ভিন্নভাষী এই হোলীগীতৰ শোভাযাত্ৰাই সত্ৰনগৰী বৰপেটা চহৰ পৰিভ্ৰমণ কৰাৰ লগে লগে এতিয়া হোলীগীতৰ সুৰত উন্মনা হৈ পৰে বৰপেটা ৷