শিলচৰ, 26 জুলাই: অপহৰণকাৰীৰ কবলৰ পৰা কথমপি ৰক্ষা পৰা বাংলাদেশী যুৱক উপস্থিত কাছাৰত ৷ যুৱকজনক কেন্দ্ৰ কৰি অব্যাহত চাঞ্চল্য ৷ কাছাৰৰ ৰাজপথত চলন্ত বাহনৰ পৰা জপিয়াই অপহৰণকাৰীৰ কবলৰ পৰা নিজকে ৰক্ষা কৰে বাংলাদেশী যুৱকজনে ৷
কাছাৰত উদ্ধাৰ (ETV Bharat Assam) ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে মাজনিশা আনুমানিক এক বজাত স্থানীয় ৰাইজে ৰাজপথত আহত অৱস্থাত পৰি থকা এগৰাকী যুৱকক উদ্ধাৰ কৰে ৷ যুৱকজনৰ পৰা স্থানীয় লোকসকলে পৰিচয় জানিব বিচৰাত তেওঁৰ নাম ৰাজীৱ শ্বেখ বুলি সদৰী কৰে ৷ ৰাজীৱৰ ঘৰ বাংলাদেশৰ পাবনা জিলাত ৷
লগতে পঢ়ক:ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডেৰে নাপাব সকলো ৰোগৰ চিকিৎসা: মুখ্যমন্ত্ৰী - AYUSHMAN CARD
বাংলাদেশৰ পৰা আহি যুৱকজনে কেনেদৰে কাছাৰত উপস্থিত হ’ল বুলি স্থানীয় ৰাইজে প্ৰশ্ন কৰাত যুৱকজনে সমগ্ৰ কথা বিৱৰি কয় ৷ যুৱকজনে কয় যে, বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে এদল লোকে যুৱকজনক এজন বন্ধুৰ সৈতে অপহৰণ কৰি লৈ যায় ৷ গাড়ীত উঠাৰ পিচৰে পৰা যুৱকজন মূৰ্ছা যায় বুলি ৰাইজৰ আগত প্ৰকাশ কৰে ৷ যুৱকজনৰ এই ভাষ্য শুনাৰ উপস্থিত ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷
এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় কাছাৰ আৰক্ষী ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাতে আছে বাংলাদেশী যুৱকজন ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰাৰ অন্তত যুৱকজনৰ ঘৰ বাংলাদেশৰ পাবনা জিলাত বুলি নিশ্চিত কৰে ৷ অৱশ্যে যুৱকজনে কেনেদৰে আহি ভাৰতত উপস্থিত হ’ল সেয়া এতিয়াও জানিব পৰা নাই আৰক্ষীয়ে ৷
যদিহে যুৱকজনক কোনো লোকে সঁচাকৈয়ে অপহৰণ কৰিছে, তেন্তে এই অপহৰণকাণ্ডৰ পিচত প্ৰকৃত কাৰণটোনো কি, এই সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে চলাব অভিযান ৷ ৰাজীৱৰ বন্ধুজন এতিয়াও আছে অপহৰণকাৰীৰ কবলত ৷
লগতে পঢ়ক:বহিঃৰাজ্যৰ অসমীয়াই ক’ত কেনেকৈ চাবলৈ পাব বিদুৰভাই ? - Bidurbhai shows outside Assam