বাক্সা:কমলা, ৰবাব টেঙা আদিৰ আদৰ এতিয়া বৃদ্ধি পাইছে ৰাজ্যত । এইহেন শীতৰ বতৰত ৰ'দত বহি কমলাৰ সোৱাদ লোৱাৰ আমেজেই সুকীয়া । ইফালে বজাৰো উভৈনদী হৈ পৰিছে কমলাৰে । ইয়াৰ মাজতে বাক্সাৰ বজাৰসমূহ ভৰি পৰিছে এবিধ বিশেষ কমলাৰে । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ কমলাৰে ভৰি পৰিছে অসমৰ বজাৰ । বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৰ চিমলা দাওঁধাৰাত ভুটানৰ পৰা অহা কমলা এতিয়া উভৈনদী হৈ পৰিছে ।
ভূটানৰ নামলং, পানবাং অঞ্চলত কমলা প্ৰচুৰ উৎপাদন হয় । ভূটীয়া লোকসকলে কমলা টেঙা গাড়ীৰে আনি সীমান্তৱৰ্তী দাওঁধাৰাত বিক্ৰী কৰে আৰু ইয়াৰ পৰাই কমলা টেঙাবোৰ স্থানীয় বেপাৰীসকলে অসমৰ বিভিন্ন ঠাইলৈ বিক্ৰীৰ বাবে লৈ যায় । কমলাবোৰ কাউণ্ট হিচাপত স্থানীয় বিক্ৰেতা সকলে কিনি লয় আৰু খুচুৰা বেপাৰী সকলে পোণ হিচাপত বিক্ৰীৰ বাবে লৈ যায় । এক পোণত ২০০ শ ৰ পৰা ৩০০ শ টকালৈকে লাভ হয় ।
বিশেষকৈ কোকৰাঝাৰ, গুৱাহাটী, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, বৰপেটাৰ পৰা অহা বেপাৰীয়ে কমলা বিক্ৰীৰ বাবে লৈ যায় । যিহেতু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত প্ৰৱেশৰ কাৰণে বাধা আৰোপ আছে তেনেস্থলত ভূটীয়াসকলে গাড়ীৰে সীমান্ত পাৰ হৈ চিমলাৰ দাওঁধাৰালৈ কমলাবোৰ লৈ আহে । ইয়াত স্থানীয় লোকসকলে গুদাম খুলি কমলাবোৰ পাইকাৰী দৰত কিনি লয় । অসমৰ বিভিন্ন ঠাইৰ বেপাৰী চিমলাৰ দাওঁধাৰালৈ আহি ভূটানৰ কমলা বিক্ৰীৰ বাবে লৈ যায় ।