অসম

assam

ETV Bharat / state

বি বৰুৱা মহাবিদ্যালয়ক স্বায়ত্ত শাসিত শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা - B Borooah College - B BOROOAH COLLEGE

গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ক ১০ বছৰৰ কাৰণে স্বায়ত্ত শাসিত শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা । ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা ২০৩৩-৩৪ চনলৈকে ১০ বছৰৰ বাবে স্বায়ত্তশাসিত মর্যাদা প্রদান মহাবিদ্যালয়খনক ৷

B BOROOAH COLLEGE
বি বৰুৱা মহাবিদ্যালয়ক স্বায়ত্তশাসিত মর্যাদা প্রদান (COLLEGE WEBSITE)

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 10:44 PM IST

গুৱাহাটী, 15 জুলাই :ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ক আগন্তুক 10 বছৰৰ বাবে স্বায়ত্ত শাসিত শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা ৷ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)এ 'স্বায়ত্ত শাসিত' প্ৰতিষ্ঠানৰ মর্যাদা প্ৰদান কৰিছে মহাবিদ্যালয়খনক ৷ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ উপ-সচিবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক অৱগত কৰে এই কথা ৷ বিদ্যায়তনিক দিশত সাফল্যতাৰ বাবে এই স্বীকৃতি দিয়া হৈছে মহাবিদ্যালয়খনক ৷

বি বৰুৱা মহাবিদ্যালয়ক স্বায়ত্তশাসিত মর্যাদা প্রদান (ETV BHARAT ASSAM)

চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত স্বায়ত্ত শাসিত মহাবিদ্যালয়সমূহৰ স্থায়ী সমিতিৰ বৈঠকৰ পৰামৰ্শৰ ভিত্তিত এই অনুমোদন প্ৰদান কৰা হয় মহাবিদ্যালয়খনক ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) 2024-25 শিক্ষাবৰ্ষৰ পৰা 2033-34 শিক্ষাবৰ্ষলৈকে 10 বছৰৰ বাবে স্বায়ত্ত শাসিত মর্যাদা প্ৰদান কৰে ৷ নিয়ম অনুসৰি মহাবিদ্যালয়খনক গুৱাহাটী বিশ্ববিদ্যালয়ে স্বায়ত্ত শাসিত মৰ্যাদা প্ৰদান সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিব লাগিব ৷ 30 দিনৰ ভিতৰত জাৰি কৰিব লাগিব এই অধিসূচনা ৷

লগতে পঢ়ক :শিক্ষা বিভাগৰ বিভিন্ন পদত ৪১ প্ৰাৰ্থীক মুখ্যমন্ত্ৰীৰ নিযুক্তি-পত্ৰ প্ৰদান - Assam CM Himanta Biswa Sarma

বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ নিয়মাৱলী, 2023 অনুসৰি মহাবিদ্যালয়খনক স্বায়ত্ত শাসিত মর্যাদা প্ৰদান কৰা হৈছে ৷ এই সন্দৰ্ভত আয়োগে এক জননীযোগে স্পষ্ট কৰি দিছে যে স্বায়ত্ত শাসিত মহাবিদ্যালয়খনে আন স্বায়ত্ত শাসিত মহাবিদ্যালয়সমূহৰ বাবে আয়োগৰ যিসমূহ নিয়মাৱলী, সেই সকলোবোৰ মানি চলিব লাগিব ৷ www.ugc.gov.in ত উপলব্ধ আছে এই নিয়মাৱলীসমূহ ৷ উল্লেখযোগ্য যে, বিগত বর্ষত বি বৰুৱা মহাবিদ্যালয়ে NAAC ৰ A++ গ্ৰেড (CGPA of 3.62) লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷ উত্তৰ-পূবত এনে স্বীকৃতি লাভ কৰা চৰকাৰী খণ্ডৰ প্ৰথমখন শিক্ষানুষ্ঠান হৈছে বি বৰুৱা মহাবিদ্যালয় ৷ এই খবৰে এতিয়া উৎসাহিত কৰি তুলিছে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক ৷

লগতে পঢ়ক :প্ৰকাশ পালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম - Recruitment in Assam

ABOUT THE AUTHOR

...view details