মাকুমত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আটছাৰ তীব্ৰ প্ৰতিবাদ তিনিচুকীয়া,২৫ এপ্ৰিল:তিনিচুকীয়া জিলাৰ মাকুমত অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । উক্ত প্ৰতিবাদৰ জৰিয়তে বুধবাৰে নিশা মাকুমস্থিত বিজেপি কাৰ্যালয়ৰ সমীপত থকা বিদ্যুতৰ খুঁটাত মেৰামতি কৰি থাকোতে থিতাতে নিহত হোৱা ৰাকেশ কিষাণৰ পৰিয়ালক উচিত ন্যায় প্ৰদানৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।
নিশা বিদ্যুতৰ খুঁটাত মেৰামতি কৰি থকাৰ সময়ত দুজন লোক হঠাতে বিদ্যুতস্পৃষ্ট হৈ এজন শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নিয়ৰ কৰ্মকাৰ নামৰ শ্ৰমিকজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ৰাকেশ কিষাণৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আটছাই বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এজন শ্ৰমিকৰ প্ৰাণ যোৱাৰ লগতে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে । কিয়নো অভিযন্তাৰ উপস্থিতিত দুজন শ্ৰমিকক বিদ্যুতৰ খুঁটাত কাম কৰিবলৈ ওপৰত উঠাই দি কন্ট্ৰ'ল ৰুমৰ পৰা বিদ্যুৎ সংযোগ কৰি দিয়াৰ ফলত এনে অভাৱনীয় ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী আটছা নেতাসকলে ।
গতিকে আটছাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মৃত্যু হোৱা শ্ৰমিকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে আঘাতপ্ৰাপ্ত শ্ৰমিকজনৰ উন্নত চিকিৎসা প্ৰদান কৰি ক্ষতিপূৰণ দিয়া দাবী উত্থাপন কৰে আৰু উপস্থিত সুনিত সিং নামৰ অভিযন্তাজনৰ গাফিলতিৰ বাবেই যিহেতু উক্ত ঘটনা সংঘটিত হ’ল গতিকে অভিযন্তাগৰাকীৰ ক্ষেত্ৰত তদন্ত কৰি উচিত শাস্তিৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক:কিদৰে আইএ এছ বিষয়া ইন্দ্রেশ্বৰ কলিতাই গঢ়িছিল সম্পত্তিৰ পাহাৰ - Corrupt IAS Officer