ETV Bharat / state

শান্তিপূৰ্ণ পৰিৱেশ স্বত্বেও উত্তৰ-পূৱ সম্পৰ্কে ধাৰণা সলনি হোৱা নাই: মুখ্যমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ - INTERNATIONAL TOURISM MART

কাজিৰঙাত অনুষ্ঠিত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট । কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত উপস্থিত ।

ITM Kaziranga
শান্তিপূৰ্ণ পৰিৱেশ স্বত্বেও উত্তৰ-পূৱ সম্পৰ্কে ধাৰণা সলনি হোৱা নাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 8:33 PM IST

কাজিৰঙা : "অসম আৰু উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কে জনসাধাৰণৰ ধাৰণা সলনি কৰিবলৈ ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে । যোৱা ৫ বছৰ ধৰি সম্পূৰ্ণ শান্তিপূৰ্ণ পৰিৱেশ থকা স্বত্বেও বহুতো দেশে এতিয়াও অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ পৰা তেওঁলোকৰ ভ্ৰমণ পৰামৰ্শ উঠাই লোৱা নাই ।" এই গুৰুত্বপূৰ্ণ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বুধবাৰে কাজিৰঙাত আয়োজিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি পৰ্যটনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্ব সন্দৰ্ভত এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উত্তৰ-পূৱৰ প্ৰতি অন্যান্য দেশৰ দৃষ্টিভংগী

শান্তিপূৰ্ণ পৰিৱেশ স্বত্বেও উত্তৰ-পূৱ সম্পৰ্কে ধাৰণা সলনি হোৱা নাই (ETV Bharat)

মুখ্যমন্ত্ৰীয়ে কয়,"যোৱা পাঁচ বছৰত আমাৰ কোনো উগ্ৰবাদৰ সমস্যা বা কোনো আইন-শৃংখলাৰ সমস্যা নাই । আমি এই ধাৰণা সলনি কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে ভাৰতীয় দূতাবাসসমূহৰ সৈতে কাম কৰি আছো । আমি এতিয়া প্ৰকৃততে এক পৰিৱৰ্তন পৰ্যায়ৰ মাজেৰে গৈ আছো ।" তেওঁ লগতে কয় যে অসম চৰকাৰে অঞ্চলটোৰ বিষয়ে এই ধাৰণা সলনি কৰাৰ প্ৰচেষ্টাত বিদেশৰ ৰাষ্ট্ৰদূতসকলক কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান আদি ভ্ৰমণ আৰু তাত থাকিবলৈ আমন্ত্ৰণ জনাই আহিছে ।

তেওঁ কয়, "যদি আমি কৰ্ণাটক বা ৰাজস্থানলৈ লক্ষ্য কৰো তেন্তে কোনো বাধা নাই । অৱশ্যে, যেতিয়াই অসম বা উত্তৰ-পূবৰ কথা কোৱা হয় বিভিন্ন সমস্যা আহে । অৱশ্যে, ই ইমান সহজ নহয় আৰু ইয়াত সময় লাগে । আমি ইয়াক সংশোধন কৰিবলৈ কাম কৰি আছো ।"

তেওঁ কয় যে বিভিন্ন আন্দোলন, উগ্ৰপন্থী কাৰ্যকলাপৰ বাবে অসমত ৰাজনৈতিক অস্থিৰতা আছিল যদিও ২০১৪ বৰ্ষৰ পৰা বহুকেইখন শান্তিচুক্তি স্বাক্ষৰিত হৈছে, উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰিছে আৰু অসমলৈ ৰাজনৈতিক সুস্থিৰতা উভতি আহিছে । তেওঁ কয়, "শান্তিয়েই হৈছে পৰ্যটনৰ সকলো উন্নয়নৰ মূল । অসমৰ বাহিৰেও উত্তৰ-পূৰ্বাঞ্চললৈ অহা পৰ্যটকৰ বাবে প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সংস্কৃতি, বিশ্ব ঐতিহ্য, খাদ্যকে আদি কৰি যথেষ্ট সমল আছে ।" এই অঞ্চললৈ অধিক পৰ্যটকক আকৰ্ষণ কৰাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টে যথেষ্ট প্ৰভাৱ পেলাব বুলি তেওঁ আশাবাদী ।

মুখ্যমন্ত্ৰীয়ে আন এক প্ৰশ্নৰ উত্তৰত কয়, "আমাৰ আন্তঃগাঁথনিৰ সমস্যা আছে । অঞ্চলটোত উৰাজাহাজৰ সংখ্যা কম । কিন্তু অসম এতিয়া শান্তিপূৰ্ণ । কিন্তু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ শান্তি-শৃংখলাৰ দিশত দৃষ্টিভংগী সলনি হোৱাৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত আছে ।"

পৰ্যটনৰ উন্নয়নত কাজিৰঙাৰ ভূমিকা

তেওঁ উল্লেখ কৰে যে অসমৰ জনমূৰি আয় ১৪ শতাংশ বৃদ্ধি পাইছে । আন্তঃগাঁথনিৰ উন্নয়নৰ লগে লগে পৰ্যটনক্ষেত্ৰৰ জনমূৰি আয় বৃদ্ধিৰ এক নতুন ক্ষেত্ৰ হৈ পৰাৰ থল আছে । এই পৰ্যটন উৎসৱ অনুষ্ঠিত কৰাত বলিষ্ঠ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীয়ে কয়,"৫০ বছৰৰ পাছত কাজিৰঙাত দেশৰ প্ৰধানমন্ত্ৰীয়ে নৈশ যাপন কৰিছে । সেইগৰাকী হ'ল নৰেন্দ্ৰ মোদী । বিগত বৰ্ষত কাজিৰঙা ভ্ৰমণ কালত নৈশ যাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দুঘণ্টা সময় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ লগতে চাহ বাগিচাও পৰিদৰ্শন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা কাজিৰঙা আৰু এশিঙীয়া গঁড়ৰ ফটোৰ দ্ৰুত প্ৰচাৰ হয় আৰু এই বৰ্ষত কাজিৰঙালৈ অহা বহুখিনি পৰ্যটকৰ ওপৰতো ইয়াৰ প্ৰভাৱ আছিল । মুখ্যমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰক সম্পূৰ্ণ প্ৰতিফলিত কৰিব পৰাকৈ দিল্লী অথবা গুৱাহাটীত এটা কেন্দ্ৰীয় পৰ্যটন সংগ্ৰহালয়ৰ প্ৰয়োজন আছে ।" তেওঁ উল্লেখ কৰা মতে বিগত বৰ্ষত ২৬,৭০০ বিদেশী পৰ্যটক অসমলৈ আহিছে ।

উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ গুপুত ৰত্ন

কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ (আই টি এম) দ্বাদশ সংস্কৰণ উদ্বোধনৰ পিছত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে সংবাদমেল সম্বোধন কৰি কয়,"উত্তৰ-পূৰ্বাঞ্চল আমাৰ দেশৰ আটাইতকৈ সুন্দৰ অঞ্চল, এই অঞ্চল ভাৰতৰ গুপুত ৰত্ন ।"

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ দিশত ব্যক্তিগতভাৱে মনোযোগ দিছে । সামগ্ৰিক উন্নয়নৰ অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনা বহুমুখী হৈছে আৰু উন্নয়ন ঘটিছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চল বৈচিত্ৰ্যৰ সুন্দৰ সমাহাৰ । দেশী-বিদেশী বিভিন্ন পৰ্যটকৰ আগমনে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগ অধিক সম্ভাৱনাময় কৰি তুলিব বুলিও তেওঁ আশাবাদী । তেওঁ লগতে কয়, "বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চললৈ পৰ্যটকৰ বাবে ই ভিচা অনুমোদনৰ সম্ভৱ হ'লে বহু বিদেশী পৰ্যটকৰ উত্তৰ-পূৰ্বাঞ্চললৈ পথ সুগম হ'ব । ই অঞ্চলটোৰ পৰ্যটন উদ্যোগক অধিক সম্ভাৱনাময় কৰি তুলিব ।"

উল্লেখ্য যে শেহতীয়াকৈ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন দেশৰ শীৰ্ষ নেতা তথা বিশিষ্ট লোকে কাজিৰঙা পৰিদৰ্শন কৰিছে । কাজিৰঙাত বিদেশী পৰ্যটকৰ সংখ্যাও অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । তাৰ মাজতে আয়োজিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ জৰিয়তে কাজিৰঙাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশা কৰা হৈছে ।

কাজিৰঙাত অনুষ্ঠিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱত, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, অন্যান্য ৰাজ্যৰ মন্ত্ৰী, অসমৰ কেইবাগৰাকী মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :হস্তীদণ্ডিত বন বিভাগৰ পকী দেৱাল: গোৱালপাৰাত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.