অসম

assam

ETV Bharat / state

শিক্ষামন্ত্ৰীৰ নামত মাটি বেদখলৰ চেষ্টা: ভূ-মাফিয়াক খেদিলে উত্তেজিত ৰাইজে - Tense Situation

Tense Situation in Guwahati : শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নাম লৈ ভূ-মাফিয়াৰ দলৰ মাটি বেদখল কৰাৰ চেষ্টা ৷ উত্তেজিত ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ঘটনাস্থলীৰ পৰা ছত্ৰভংগ দিয়ে বেদখলকাৰীয়ে ৷

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 10:14 PM IST

Tense Situation in Guwahati
ভূ-মাফিয়াৰ দলৰ মাটি বেদখল কৰাৰ চেষ্টা (ETV BHARAT ASSAM)

গুৱাহাটী, 9 জুন : ভূমি সংক্ৰান্তীয় বিবাদক কেন্দ্ৰ কৰি দেওবাৰে গুৱাহাটীৰ বৰবাৰী অঞ্চলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ অভিযোগ অনুসৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নাম লৈ এটা ভূ-মাফিয়াৰ দলে শিলসাঁকোৰ ফেন্সিঙৰ বাহিৰৰ এজন লোকৰ দুবিঘা মাটি বেদখল কৰি তাত ঘৰ নিৰ্মাণ কৰিবলৈ অহাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ পিচত স্থানীয় উত্তেজিত ৰাইজে বেদখলকাৰীয়ে অবৈধভাবে নিৰ্মাণ কৰা বাঁহৰ ঘৰ ভাঙি পেলায় ৷ ইফালে উত্তেজিত ৰাইজৰ ৰুদ্ৰ মূৰ্তি দেখি সেই স্থানৰ পৰা ছত্ৰভংগ দিয়ে বেদখলকাৰীয়ে ৷

ভূ-মাফিয়াক খেদিলে উত্তেজিত ৰাইজে (ETV BHARAT ASSAM)

জানিব পৰা মতে শিলসাঁকোৰ উচ্ছেদ কৰা অঞ্চলৰ ফেন্সিঙৰ বাহিৰত থকা বিষ্ণু নগৰৰ বাসিন্দা ধ্ৰুৱ জ্যোতি বৰদলৈ নামৰ লোক জনে বিগত 24 বছৰ ধৰি তেওঁৰ দখলকৃত দুবিঘা ভূমিত বৰবাৰী আত্মসহায়ক গোট নামে এটা গোট গঠন কৰি সেই ভূমিত মাছ, গৰু, হাঁহ-কুকুৰা পালন কৰি আহিছিল ৷ কিন্ত আজি ক'ক পেগু নামৰ এটা ভূ-মাফিয়াৰ নেতৃত্বত অহা প্ৰায় 12 জনীয়া যুৱকৰ দলে এই ভূমি দখল কৰাৰ চেষ্টা কৰে ৷ আনকি ভূ-মাফিয়াৰ দলটোৱে এই ভূমিখিনি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আবণ্টন দিয়া বুলি মাটিৰ গৰাকী ধ্ৰৱজ্যোতি বৰদলৈক অৱগত কৰাৰ লগতে শিলসাঁকো কৰ্ণধাৰ সমিতিৰ সভাপতি ঘনকান্ত দাস ইয়াৰ সাক্ষী হিচাপে থকা বুলি জানিবলৈ দিয়ে ৷

ইয়াৰ পিচতেই ভূ-মাফিয়াৰ দলটোবে এই ভূমিত এটা বাঁহৰ ঘৰ নিৰ্মাণ কৰে ৷ ইফালে মাটিৰ গৰাকীয়ে এই কথা জানিব পাৰি ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজক অৱগত কৰে ৷ ইয়াৰ পিচতে উত্তেজিত ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ অবৈধভাবে নিৰ্মাণ কৰা বাঁহৰ ঘৰটো ভাঙি পেলায় ৷ ইফালে ৰাইজৰ ৰুদ্ৰ মূৰ্তি দেখি ভূ-মাফিয়াৰ দলটো সেই স্থান এৰি পলায়ন কৰে ৷ ঘটনা সন্দৰ্ভত মাটিৰ গৰাকীয়ে ইতিমধ্যে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক :দ্বীপজ্যোতি হেনো গুৱাহাটী শোধনাগাৰৰ বিষয়া ! কিন্তু এতিয়া আৰক্ষীৰ জিম্মাত কিয় ? - Fraudster arrested in Guwahati

ABOUT THE AUTHOR

...view details