গুৱাহাটী,২১ ছেপ্টেম্বৰ:মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সী প্ৰৱেশত বাধা প্ৰদানক লৈ পুনৰ সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ । সোমবাৰে পুনৰ মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা দিয়াৰ দাবী জনাই অল খাচী মেঘালয় টুৰিষ্ট এছ'চিয়েচনে মেঘালয়ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে । ইয়াকে লৈ পুনৰ অসমৰ টুৰিষ্ট টেক্সিৰ ১৬ টা সংগঠন জাঙুৰ খাই উঠিছে ।
মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা প্ৰদান কৰিলে অসমৰ টুৰিষ্ট টেক্সিৰ ১৬ টা সংগঠনৰ ঐক্য মঞ্চ মটৰ পৰিবহন সেৱা কৰ্মী সন্মিলিত মঞ্চ, অসমে অসমত মেঘালয়ৰ টেক্সি প্ৰৱেশত বাধা দিয়াৰ হুংকাৰ দিয়ে । লগতে অসমৰ পৰা মেঘালয়লৈ যোৱা সকলো অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল বন্ধ কৰাৰো হুংকাৰ দিয়ে । এই সন্দৰ্ভত অসমৰ টুৰিষ্ট টেক্সিৰ ১৬ টা সংগঠনৰ ঐক্য মঞ্চ মটৰ পৰিবহন সেৱা কৰ্মী সন্মিলিত মঞ্চ, অসমে প্ৰেৰণ কৰে এক প্ৰেছ বিজ্ঞপ্তি ।
য'ত তেওঁলোকে উল্লেখ কৰে যে মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা দিয়াৰ দাবী উত্থাপন কৰি অল খাচী মেঘালয় টুৰিষ্ট টেক্সি এছ'চিয়েচনে প্ৰতিবাদ অব্যাহত ৰাখিছে । এইক্ষেত্ৰত মেঘালয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশৰ ব্যৱস্থা সুচল কৰি ৰাখিব লাগে । অন্যথা ঐক্য মঞ্চ মটৰ পৰিবহণ সেৱাকৰ্মী সন্মিলিত মঞ্চই অসমত মেঘালয়ৰ টেক্সি চলাচলত বাধা প্ৰদান কৰিব ।