গুৱাহাটী, 15 জুন :সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত এইবাৰ অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ নিৰ্ধাৰণ কৰা হ'ব পঞ্চায়তৰ সীমা ৷ ইয়াৰ বাবে বুধবাৰে প্ৰকাশ পাব পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ অধিসূচনা ৷ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাচতে এইক্ষেত্ৰত প্ৰকাশ পাব চৰকাৰী অধিসূচনা ৷
উল্লেখ্য যে নবেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ব আৰু ডিচেম্বৰত সমাপ্ত হ'ব ৷ ৰাজ্য চৰকাৰৰ আগন্তুক সাপ্তাহিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি কৰা হ'ব ৷ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পাচতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ আনহাতে এইবাৰো পূৰ্বৰ দৰে বেলটৰ জৰিয়তে হ'ব পঞ্চায়ত নিৰ্বাচন ৷ বিভাগীয় সূত্ৰে জানিব পৰা মতে চেপ্টেম্বৰ মাহৰ ভিতৰত পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব ৷ ইয়াৰ বাবে সাজু হৈ আছে বিভাগীয় কৰ্তৃপক্ষ ৷
অধিসূচনা প্ৰকাশ পোৱাৰ লগে লগে সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব ৷ সীমা নিৰ্ধাৰণ হোৱাৰ পাচতে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰকাশ পাব ভোটাৰ তালিকা ৷ এই সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাচতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰী কৰিছে যে নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ ইয়াৰ পূৰ্বে ৰাজ্যৰ পঞ্চায়ত সমূহৰ নতুনকৈ সীমা নির্ধাৰণ কৰা হ'ব ৷