গুৱাহাটী, 9 মে’ : ড্ৰাগছ মুক্ত অসম গঢ়াৰ পৰিকল্পনাৰে 24 মে'ত আহি আছে প্ৰতিশ্ৰুতি ৷ মুক্তি পাবলগীয়া এই নতুন ছবিখন উপভোগ কৰিবলৈ বুধবাৰে এক প্ৰেছ বিবৃতিযোগে অসমবাসীক আহ্বান জনায় আলফা (স্বাঃ) ই ৷ লগতে ছবিখন মুক্তিৰ দিনৰ পৰা অন্ততঃ তিনি-চাৰি সপ্তাহলৈ অসমৰ প্ৰতিটো ছবিগৃহত প্ৰতিশ্ৰুতি ছবিখনৰ প্ৰদৰ্শন বাহাল ৰখাৰ ব্যৱস্থা কৰিবলৈ আৰু "ছবিখনৰ প্ৰদর্শনৰ সময়সূচীত অন্য হিন্দী ছবি প্ৰদর্শন স্থগিত ৰাখিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰীসকলক আহ্বান জনাইছিল আলফা (স্বাঃ) ই ৷
আলফা স্বাধীনৰ এই আহ্বানৰ পাচত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছবিখনৰ প্ৰযোজক ৰাতুল বৰুৱাই ৷ এই সন্দৰ্ভত বৰুৱাই কয়- "মই এটা খুব ধনাত্মক চিন্তাধাৰাৰে ছবিখন নিৰ্মাণ কৰিছোঁ ৷ ড্ৰাগছৰ প্ৰভাৱৰ ফলত সমাজত পৰা কু-প্ৰভাৱৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে মই ছবিখন নিৰ্মাণ কৰিছোঁ ৷ এনেকুৱা এটা ভাল বিষয়লৈ নিৰ্মাণ কৰা ছবিখনকলৈ মই কোনে কি মন্তব্য প্ৰদান কৰিছে নাজানো ৷ যিয়ে ভালধৰণে কয় মই তেওঁলোকৰ কথাবোৰ আকোঁৱালি ল'ম আৰু তেওঁলোকক কৃতজ্ঞতা জনাম ৷ এনেধৰণৰ কথাবোৰক লৈ সকলোৱে সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন আহি পৰিল এতিয়া ৷ নহ’লে আমাৰ অসমৰ ভৱিষ্যত অতি বেয়া হ'ব ৷"