অসম

assam

ঐতিহাসিক চতিয়া থানাত নিৰ্মাণ হ’ব স্মৃতিসৌধ: মুখ্যমন্ত্ৰীৰ ঘোষণা - Sootea Police station

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 8:58 PM IST

Updated : Sep 3, 2024, 10:34 PM IST

Heritage monument at Sootea: চতিয়া থানাত স্বাধীনতা আন্দোলনৰ সেনানীসকলৰ প্ৰতিমূৰ্তিৰ লগতে এখন আকৰ্ষণীয় উদ্যানৰ বাবে প্ৰথম পৰ্যায়ৰ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ ৰাজ্যজুৰি চতিয়া দিৱস উদযাপনৰ প্ৰতিশ্ৰুতি ৷

Heritage monument at Sootea
চতিয়াত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

তেজপুৰ, ৩ ছেপ্টেম্বৰ: চতিয়া থানাত নিৰ্মাণ হ’ব ১৯৪২ ৰ ২০ আগষ্টত ত্ৰিৰংগ পতাকা উত্তোলন কৰা স্বাধীনতা আন্দোলনৰ সেনানীসকলৰ স্মৃতি যুগমীয়া কৰা প্ৰতিমূৰ্তি । স্বাধীনতা সেনানীৰ উদ্যান আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ৫ কোটি টকা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৮ বৰ্ষৰ অন্তত প্ৰথমবাৰৰ বাবে বিধানসভাত স্বীকৃতি লাভ কৰা বিশ্বনাথ জিলাৰ চতিয়া থানাত মঙলবাৰে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

চতিয়াত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

চতিয়া থানাৰ ঐতিহ্য :

ঐতিহাসিক চতিয়া থানা সেই সময়ৰ অবিভক্ত দৰং জিলা আৰু পৰৱৰ্তী সময়ত অবিভক্ত শোণিতপুৰ জিলাৰ অন্তৰ্গত চতিয়া বিধানসভা সমষ্টিৰ তিনিখন থানা আৰু দুটা আৰক্ষী চকীৰ ভিতৰত অন্যতম এখন থানা । ব্ৰিটিছ শাসনৰ সময়ত এই থানা ব্ৰিটিছ পুলিচৰ দ্বাৰা পৰিচালিত হৈছিল । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ১৯৪২ চনৰ ২০ আগষ্টত অসমৰ দৰং জিলাৰ চতিয়া থানাত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগ পতাকা উত্তোলন কৰা হৈছিল । এই বিশেষ দিনটোক পৰৱৰ্তী সময়ত "চতিয়া দিৱস" হিচাপে উদযাপন কৰা হয় ।

চতিয়াত ব্ৰিটিছৰ পতাকা নমাই চৰকাৰী কাৰ্যালয়ত ত্ৰিৰংগ পতাকা প্ৰথমবাৰৰ বাবে উত্তোলন কৰা বুলি বিবেচিত হয় । সেই সময়ত চতিয়া থানাৰ আৰক্ষীয়ে কোনো বাধা প্ৰদান আৰু কোনো হিংসাত্মক ঘটনা সংঘটিত হ’বলৈ দিয়া নাছিল বুলি জনা যায় ।

পতাকা উত্তোলনৰ পৰামৰ্শ :

স্বাধীনতা আন্দোলনত ভাগ লোৱা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰামৰ্শ অনুসৰি ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ৰাজ্যৰ সকলো থানাতে ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ পৰিকল্পনা কৰা হয় । ইয়াৰ বাবেই লোকনায়ক অমিয় কুমাৰ দাসে তেজপুৰত কংগ্ৰেছ কমিটীৰ এখন বৈঠকৰ আয়োজন কৰিছিল । সেই সময়ছোৱাত ৰাজ্যত কংগ্ৰেছৰ সকলো বিশিষ্ট নেতাক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে গ্ৰেপ্তাৰ নহ’ল অমিয় কুমাৰ দাস । পৰৱৰ্তী সময়ত বিজয় চন্দ্ৰ ভাগৱতী, বিমান চন্দ্ৰ বৰা আৰু কংগ্ৰেছৰ আৰু বাৰজন সদস্যৰ উপস্থিতিত তেজপুৰত অনুষ্ঠিত হোৱা বৈঠকত চতিয়া থানাত পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু সেইটো সম্পন্ন কৰাৰ দায়িত্ব বিমান চন্দ্ৰ বৰাক অৰ্পণ কৰা হয় ৷ বিমান চন্দ্ৰ বৰাই তেজপুৰৰ পৰা গৈ চতিয়াত উপস্থিত হৈ অঞ্চলৰ বহু বিশিষ্ট নেতাক আলোচনাৰ বিষয়ে বিতংভাৱে অৱগত কৰে ৷

১৯৪২ চনৰ ১১ আগষ্টত বিজয় চন্দ্ৰ ভাগৱতী আৰু কামাখ্যা প্ৰসাদ ত্ৰিপাঠীক চতিয়াৰ কছাৰী গাঁৱৰ নামঘৰত অনুষ্ঠিত সাধাৰণ সভাত ভাষণ দি স্বাধীনতা আন্দোলনৰ প্ৰতি মানুহক উচটনি দিয়াৰ অপৰাধত প্ৰশাসনে গ্ৰেপ্তাৰ কৰে । অৱশ্যে জ্যোতিপ্ৰসাদৰ পৰিকল্পনা অনুসৰি ২০ ছেপ্টেম্বৰত পতাকা উত্তোলন কৰিব লাগিছিল । কিন্তু সাংগঠনিক শক্তিৰ বাবে চতিয়াবাসীয়ে নিৰ্ধাৰিত সময়ৰ এমাহ আগতেই সেই কামটো সম্পন্ন কৰিবলৈ নিজকে প্ৰস্তুত কৰিছিল । ইয়াৰ বাবে চতিয়া হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি কাম কৰি আছিল । একেদৰে বিহালী হাইস্কুলৰ শিক্ষক পদৰ পৰা পদত্যাগ কৰাৰ পিছত ডিম্বেশ্বৰ হাজৰিকা, ত্ৰিনয়ন বৰকাকতিয়ে আন্দোলনত জপিয়াই পৰে ।

কোনে উত্তোলন কৰিলে পতাকা:

১৯৪২ চনৰ ২০ আগষ্টৰ অভিযানৰ বাবে প্ৰস্তুতি চলাবলৈ, সাধাৰণ মানুহক আৰু সজাগ কৰি তুলিবলৈ বহুতো বৈঠক, আলোচনা আৰু সভাৰ আয়োজন কৰা হৈছিল । ২০ আগষ্টৰ দিনা হাইস্কুলৰ শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত কছাৰীগাঁও, হাজাৰিমল, বাৰভূঞা, ৰেলপথ, চৰাইজনীয়া, চিকিৎসালয় পথ, মৰনৈ নদীৰ পাৰৰ মাজেৰে বিশাল শান্তিপূৰ্ণভাৱে পদযাত্ৰা কৰি চতিয়াত ৰাইজে থানা অৱৰোধ কৰে ৷ তাতেই শান্তিপূৰ্ণভাৱে ত্ৰিৰংগ পতাকা উত্তোলন কৰে দেবেন বৰকটকী আৰু চেনিধৰ দাসে ।

কোন কোন আছিল অভিযানত ?

এই অভিযানত চতিয়া, নাগশংকৰ, জামুগুৰিহাট, বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় তিনি হাজাৰ লোক উপস্থিত হৈছিল । এই শোভাযাত্ৰাত সমাজৰ প্ৰতিটো শ্ৰেণীৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী, কৃষক, শ্ৰমিক, যুৱক-যুৱতী, মহিলা, ব্যৱসায়ী আদি লোকে অংশগ্ৰহণ কৰে । শ্লোগান দি চিঞৰি হাতত প্ৰায় দুশ পতাকা, পাঁচখন শান্তিৰ পতাকা (বগা) লৈ ফুৰিছিল । থানা হস্তক্ষেপৰ পাছত বিমান চন্দ্ৰ বৰাৰ অধ্যক্ষতাত থানা চৌহদত এখন সাধাৰণ সভা অনুষ্ঠিত হয় । শোভাযাত্ৰাৰ নেতৃত্বত বলোৰাম বৰমুদৈ আৰু ডিম্বেশ্বৰ হাজৰিকা, স্বৰ্ণপ্ৰভা মহন্তই হাতত বিশাল পতাকা লৈ আগবাঢ়ি যায় আৰু ছাত্ৰ-ছাত্ৰীসকলে হাতেৰে নিৰ্মিত কাগজৰ পতাকা কঢ়িয়াই লৈ যায় । সেই নিশাই আৰক্ষীৰ ওচৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ অভিযোগত ব্ৰিটিছ প্ৰশাসনে বিমান চন্দ্ৰ বৰা, ডিম্বেশ্বৰ হাজৰিকা, মহেন্দ্ৰ বৰকটকী, বীৰেণ বৰকটকী, বেনুধৰ হাজৰিকা, চন্দ্ৰনাথ বৰা, চেনিধৰ দাস, বলোৰাম বৰমুদৈ, দেৱেন্দ্ৰনাথ শৰ্মা, পোৱাল বৰুৱাক গ্ৰেপ্তাৰ কৰে ।

মুখ্যমন্ত্ৰীৰ ঘোষণা :

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই চতিয়া থানাত উপস্থিত হৈ কয়, "চতিয়া থানাত যিসকল স্বাধীনতা সংগ্ৰামীয়ে পতাকা উত্তোলন কৰিছিল, সেইসকল লোকৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অসমৰ যোৰহাট জিলাৰ কাৰাগাৰ আৰু বিশ্বনাথ জিলাৰ গহপুৰ থানা আৰু শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক ইতিহাস আছে । ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিভিন্ন ঠাইত শ্বহীদ ভগৎ সিং, অৰুণা আশ্ৰফ আলিয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰা বিষয়ে সকলোৰে জ্ঞাত ৷ কিন্তু থানাত পতাকা উত্তোলন কৰাৰ বিষয়ে কতো উল্লেখ নাই আৰু সেই দৃষ্টিকোণৰ পৰা চতিয়া থানাত উত্তোলন কৰা পতাকাই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল । পৰৱৰ্তী সময়ত চতিয়া থানাৰ পিছত ২০ ছেপ্টেম্বৰত কনকলতা বৰুৱাই গহপুৰ থানাত ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল । এতিয়াৰ পৰা চতিয়া থানাৰ এই বিশেষ ২০ আগষ্ট দিনটোত অসম চৰকাৰৰ সংস্কৃতিক বিভাগৰ জৰিয়তে সমগ্ৰ অসমতে "চতিয়া দিৱস" উদযাপন কৰিব ৷"

চতিয়া থানাত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ সেনানীসকলৰ প্ৰতিমূৰ্তিৰ লগতে এখন আকৰ্ষণীয় উদ্যানৰ বাবে প্ৰথম পৰ্যায়ৰ ৫ কোটি টকাৰ অনুদান দিয়াৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । বিধানসভাত সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰই বিষয়টো উত্থাপন কৰাৰ পিছতে সদনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ১৯৪২ চনৰ ২০ আগষ্টত প্ৰথমখন জাতীয় পতাকা উত্তোলন কৰা ঐতিহাসিক চতিয়া থানা ঘটনাৰ চিন স্বৰূপে সমগ্ৰ ৰাজ্যতে এই দিনটো পালন কৰা হ’ব ।

লগতে পঢ়ক:১৯৪২ চনৰ ২০ আগষ্টত চতিয়া থানাত কোনে উত্তোলন কৰিছিল ত্ৰিৰংগ পতাকা ! - Sootea Police Station Flag Hoisting

চতিয়া আৰু জামুগুৰিবাসীৰ ঐতিহাসিক আন্দোলনক স্বীকৃতি - Assam Assembly Autumn Session

Last Updated : Sep 3, 2024, 10:34 PM IST

ABOUT THE AUTHOR

...view details