অসম

assam

ETV Bharat / state

সমাগত দীপান্বিতা; সতৰ্কতাৰে বাহন চলাবলৈ আহ্বান পৰিবহণ বিভাগৰ - DIWALI 2024

দুৰ্ঘটনামুক্ত দীপাৱলী উদযাপনৰ বাবে বাহন চলাওঁতে অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান পৰিবহণ বিভাগৰ ৷

Assam transport department more alert on road safety on the eve of during Diwali Days
সমাগত দীপান্বিতা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 7:15 AM IST

গুৱাহাটী :সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ ৰং-বিৰঙি লাইট, মাটিৰ চাকিৰ পোহৰেৰে চৌপাশ আলোকিত কৰিবলৈ সাজু হৈছে সকলো ৷ ইয়াৰ মাজতে দীপাৱলীৰ প্ৰাকক্ষণত সকলো যানবাহন ব্যৱহাৰকাৰীকে বাহন চলাওঁতে অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান জনাইছে অসম চৰকাৰৰ পৰিবহণ বিভাগে ।

ইয়াৰ বাবে সকলোকে সম্পূৰ্ণ নিয়ম-শৃংখলা তথা আধ্যাত্মিকতাৰে কালী পূজা আৰু দীপাৱলী উদযাপনৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে । পোহৰৰ উৎসৱৰ নামত আনন্দত আত্মহাৰা হৈ অত্যধিক সুৰাপান কৰি বাহন চলাই কোনোৱে যাতে ভয়ংকৰ দুৰ্যোগ-দুৰ্ঘটনাৰ অন্ধকাৰ কঢ়িয়াই আনিবলগীয়া নহয় তাৰ বাবে তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে ।

তেওঁ কয়,

"এই সময়চোৱাত জনবসতিপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ পথেৰে যাত্ৰা কৰিলে সাৱধান হ’ব ৷ গাড়ী চলোৱাৰ সময়ত খিৰিকী বন্ধ কৰি ৰাখিব যাতে বিপথগামী ফটকা আহি গাড়ীত প্ৰৱেশ কৰিব নোৱাৰে । কোনোৱে বাহনৰ কাষত বা তলত যাতে ফটকা ফুটাব নোৱাৰে তাৰ বাবেও সতৰ্ক হ’ব লাগিব । এনে পৰিস্থিতিত খৰখেদা কৰিবলগীয়া হ’লেও দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা থাকে । তদুপৰি দীপাৱলীৰ সময়ত তীব্ৰবেগ পৰিহাৰ কৰি সদায় নিয়ন্ত্ৰিত গতিত বাহন চলাওক ৷ দুচকীয়া বাহনত যাত্ৰী-আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট ব্যৱহাৰ কৰক ।"

ম’বাইলত কথা পাতি অন্যমনস্ক হৈ কেতিয়াও গাড়ী নচলাব বুলি উল্লেখ কৰি এইবাৰ দীপাৱলীত পথত সমপূৰ্ণৰূপে যান-বাহন আইন মানি চলি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ যান-বাহনৰ চালক আৰু গৰাকীৰ প্ৰতি তেওঁ আহ্বান জনায় পৰিবহণ বিভাগৰ বিষয়া গৌতম দাসে ।

লগতে পঢ়ক :চৰকাৰী সা-সুবিধা অবিহনে মৃৎশিল্পৰ পৰম্পৰা ৰক্ষা কৰা এখন বিশেষ গাঁও

লগতে পঢ়ক :মৃৎশিল্পকে কৰ্ম হিচাপে লোৱা এখন বিশেষ গাঁও

ABOUT THE AUTHOR

...view details