গুৱাহাটী, ২৯ আগষ্ট :ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে পৰীক্ষাৰ দিন ঘোষণা । ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা । আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা ।
তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ পৰীক্ষা অনুষ্ঠিত হ'ব ১৫ ছেপ্টেম্বৰত । ২৯ ছেপ্টেম্বৰত আগবেলা অনুষ্ঠিত হ'ব স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা আৰু পিছবেলা অনুষ্ঠিত হ'ব মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা । উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই উল্লেখ কৰা অনুসৰিয়েই অহা ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব লিখিত পৰীক্ষাসমূহ ।
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে জাৰি কৰা জাননী অনুসৰি ১৫ ছেপ্টেম্বৰৰ পুৱা ১০.৩০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয়খন কাকতৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব । স্নাতক ডিগ্ৰীৰ পদৰ বাবে তৃতীয় বৰ্গৰ চতুৰ্থখন কাকতৰ লিখিত পৰীক্ষা ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ অনুষ্ঠিত হ’ব । একেদিনাই মেট্ৰিক পৰ্যায়ৰ চালকৰ পদৰ তৃতীয় বৰ্গৰ বাবে পঞ্চমখন কাকতৰ পৰীক্ষা দ্বিতীয়াৰ্ধত দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ।