অসম

assam

ETV Bharat / state

অসম সাংস্কৃতিক মহাসংগ্ৰামত স্থান দখল জিষ্ণুব্ৰত শইকীয়াৰ

Assam Sanskritik Mahasangram 2023-24 : জিষ্ণুব্ৰত শইকীয়াই অসম সাংস্কৃতিক মহাসংগ্ৰামৰ গীত প্ৰতিযোগিতাত ভাগ লৈ কলিয়াবৰলৈ দুটা স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে ৷

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 7:03 PM IST

Assam Sanskritik Mahasangram 2023
অসম সাংস্কৃতিক মহাসংগ্ৰামত স্থান দখল জিষ্ণুব্ৰত শইকীয়াৰ

অসম সাংস্কৃতিক মহাসংগ্ৰামত স্থান দখল জিষ্ণুব্ৰত শইকীয়াৰ

কলিয়াবৰ, 9 ফেব্ৰুৱাৰী : নগাঁও জিলাৰ কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে জিষ্ণুব্ৰত শইকীয়াই ৷ শেহতীয়াকৈ আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ৰাজ্যিক পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাৰ 12-18 বছৰ শাখাত জ্যোতি সংগীত প্ৰতিযোগিতাত প্ৰথম আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে জিষ্ণুব্ৰতে ।

জিষ্ণুব্ৰত শইকীয়া

কলিয়াবৰ সমষ্টিৰ পূব-পূবথৰীয়া গাঁও পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰি অসম সাংস্কৃতিক মহাসংগ্ৰামৰ গাঁও পঞ্চায়ত পৰ্যায়, সমষ্টি পৰ্যায় আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতা সফলতাৰে অতিক্ৰম কৰি ৰাজ্যিক পৰ্যায়ত 12-18 বছৰৰ শাখাৰ জ্যোতি সংগীত প্ৰতিযোগিতাত প্ৰথম আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰা জিষ্ণুব্ৰত শইকীয়াই। বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বঁটা বিতৰণী সভাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা দুটাকৈ বঁটা গ্ৰহণ কৰি আনন্দত আত্মহাৰা হৈ পৰে জিষ্ণুব্ৰতে ৷ ৰাজ্যিক প্ৰতিযোগিতাখনত সফলতা লাভৰ কৰাৰ বাবে তেওঁৰ শুভাকাংক্ষীসকলে কৃতজ্ঞতা জ্ঞাপন কৰে ।

সাংবাদিকৰ আগত নিজৰ মনোভাৱ প্ৰকাশ কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে মহেন্দ্ৰ কাকতি, যোগেন বৰদলৈ, জনজিৎ হাজৰিকা, প্ৰণৱ শৰ্মা, অৰুণ বৰা, মুজিবুৰ হকৰ সহায়-সহযোগিতাৰ কথা স্বীকাৰ কৰে জিষ্ণুৱে । বিশেষকৈ জিলা পৰ্যায়ৰ আৰু ৰাজ্যিক পৰ্যায়লৈ উন্নীত হোৱাৰ পাচতেই কলিয়াবৰ সমষ্টিৰ সকলো প্ৰতিযোগীৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই নিজাববীয়া উদ্যোগ লৈ তৰুণ সংঘৰ সহযোগত এক প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰি দিয়া হৈছিল ৷ এই প্ৰশিক্ষণ শিবিৰে তেওঁক সফলতাত যথেষ্ট অৰিহণা যোগাই বুলি জিষ্ণুব্ৰতে জনায় ।

জিষ্ণুব্ৰত শইকীয়া

সৰুৰে পৰা সংগীতৰ প্ৰতি ধাউতি দেখি জিষ্ণুব্ৰতৰ বৰদেউতাক সৰ্বেশ্বৰ শইকীয়াই আনি দিয়া হাৰমণিয়ামখনৰ কথা শ্ৰদ্ধাৰে উল্লেখ কৰি জিষ্ণুৱে কয় যে, সেই হাৰমণিয়ামখন হাতত লৈ সংগীত চৰ্চা কৰিছিল ৷ ভৱিষ্যতেও জিষ্ণুৱে সংগীতৰ চৰ্চা অব্যাহত ৰাখিবলৈ সকলোৰে আশীৰ্বাদ কামনা কৰিছে।
কুঁৱৰীটোল ৰাইদঙীয়াৰ নিৱাসী মুনিন্দ্ৰ শইকীয়া আৰু জোৎস্না শইকীয়াৰ পুত্ৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকাণ্ডাৰী স্কুলৰ ছাত্ৰ জিষ্ণুব্ৰত শইকীয়া ৷

উল্লেখ্য যে, জিষ্ণুৱে জ্যোতি সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰাৰ বাবে ট্ৰফী, মানপত্ৰ আৰু এক লাখ টকাৰ চেকৰ লগত ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰাৰ বাবে ট্ৰফী, মানপত্ৰ আৰু পঁছিশ হাজাৰ টকাৰ চেক লাভ কৰিছে ৷

লগতে পঢ়ক:ভক্তিৰসৰ নৈ বোৱাই আজিৰে পৰা আৰম্ভ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশন

ABOUT THE AUTHOR

...view details